নিউজ ডেস্ক: শনিবাৰে পুৱতি নিশা প্ৰচন্দ বৰষুণৰ ফলত শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়াবহ ভূমিস্খলন । সোনাপুৰ সুৰংগৰ সম্মুখৰ পাহাৰত ভূমিস্খলন হৈ ভগ্নাৱশেষবোৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সিঁচৰতি হৈ পৰে । ইয়াৰ ফলত ঘাইপথ বোকা পানীৰে ভৰি পৰাত পথচোৱাত বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল ।
সোনাপুৰ সুৰংগৰ সম্মুখৰ পাহাড়ত ভূমিস্খলন হৈ ভগ্নাৱশেষবোৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সিঁচৰতি হৈ পৰে। পথটোৰে যান-বাহন চলাচলৰ উপযোগী কৰি তোলাৰ কাৰণে মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ প্ৰশাসনে অব্যাহত ৰাখিছে অভিযান।
অত্যাধিক বৰষুণৰ কাৰণে উদ্ধাৰ কামত অসুবিধাৰ সন্মুখীন হৈছে প্ৰশাসনৰ লোক । এই পৰ্যন্ত কোনোধৰণৰ হতাহতিৰ খবৰ নাই যদিও ভূমিস্খলনৰ ফলত সম্প্ৰতি হাজাৰ হাজাৰ গাড়ী অঞ্চলটোত আবদ্ধ হৈ পৰিছে ।
উল্লেখ্য যে, বৰাক উপত্যকাসহ ত্ৰিপুৰা, মিজোৰামৰ সৈতে পথেৰে যোগাযোগৰ একমাত্ৰ মাধ্যম হৈছে এই ৰাষ্ট্ৰীয় ঘাইপথটো ৷