নিউজ ডেস্কঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১০,০৯৩ জন লোকক কোভিড প’জিটিভ হিচাপে চিনাক্ত কৰা হৈছে।
তেনে ক্ষেত্ৰত ভাৰতবৰ্ষত সৰ্বমুঠ বৰ্তমান ৫৭,৫৪২ জন লোকক কোভিডত আক্ৰান্ত হৈ আছে।
মন্ত্ৰালয়টোৱে জনোৱা অনুসৰি, কোভিড প্ৰতিদিনে আক্ৰান্ত হাৰ অনুসৰি ৫.৬১% আৰু সপ্তাহিক ভাৱে ৪.৭৮% কৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা।
কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পালেও যোৱা ২৪ ঘণ্টাত ৬,২৪৮ জন লোক কোভিডৰ পৰা নিৰোগী হৈ উঠিছে যাৰ ফলত ভাৰতত বৰ্তমান কোভিডৰ পৰা নিৰোগী হৈ উঠা লোকৰ সংখ্যা মুঠ ৪,৪২,২৯,৪৫৯ জন।
স্বাস্থ্য মন্ত্ৰালয়টোৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১,৭৯,৮৫৩ টা কোভিড পৰীক্ষা কৰাৰ বিপৰীতে সমগ্ৰ ভাৰতত মুঠ ৮০৭ জন লোকক কোভিড ভেকছিন প্ৰদান ৰা হৈছে।
লগতে পঢ়ক – গুৱাহাটীৰ সৌৰভ নগৰত এটি পৰিয়ালৰ গেটত মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ