নিউজ ডেস্ক: সোমবাৰে নিশা লতাশিল বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী, বিহু ৰাণী আৰু বিহু কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।
এইবাৰ লতাশিল বিহু সন্মিলনীৰ ২০২৩ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ দখল বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৭ গৰাকী বিহুতীয়ে অংশগ্ৰহণ কৰে। গোটেই ৭ গৰাকীৰ ভিতৰত ২০২৩ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ কাহিলীপাৰাৰ প্ৰতীক্ষা ৰাণী বৰগোঁহাঞিয়ে অৰ্জন কৰিবলৈ সক্ষম হয়।
ইফালে, লতাশিল বিহু সন্মিলনীৰ ২০২৩ বৰ্ষৰ ‘বিহু ৰাণী’ খিতাপ দখল কৰিবলৈ সক্ষম হয় মৰাণৰ বন্যানী গগৈয়ে।
লগতে, লখিমপুৰৰ অনন্যা ফুকনে ‘বিহু কুঁৱৰী’ৰ খিতাপ লাভ কৰে।
আনহাতে কালি নিশাই দুলুমণি বৰাই শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে দেৱজিৎ তামুলীয়ে শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ লাভ কৰে।
লগতে পঢ়ক – অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে তৈয়াৰ কৰিছে সাংবাদিকৰ সুৰক্ষাৰ বাবে SOP