সদ্যসমাপ্ত কাটাৰ বিশ্বকাপৰ বিভিন্ন কাৰিকৰী দিশ সামৰি ‘দৈনিক অসম’ৰ জ্যেষ্ঠ উপ-সম্পাদক তথা ফুটবল সংগঠক সিদ্ধাৰ্থ শংকৰ ডেকাই ৰচনা কৰা তথা পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা ‘কাটাৰ বিশ্বকাপৰ ৰণছন্দ’ নামৰ ব্যতিক্ৰমী গ্ৰন্থখন আজি অসম গ্ৰন্থমেলাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷

কাটাৰ বিশ্বকাপ ফুটবলৰ উদ্বোধনী মেচৰ পৰা ফাইনেল পৰ্যন্ত মুঠ ২৬খন উত্তেজনাপূৰ্ণ মেচত দলসমূহে লোৱা ৰণকৌশল, প্ৰশিক্ষকসকলৰ ভূমিকা আৰু খেলুৱৈসকলৰ প্ৰদৰ্শনৰ দৰে বিষয়সমূহক সৰল আৰু প্ৰাঞ্জল ভাষাত গ্ৰন্থখনত অৱলোকন কৰা হৈছে ৷ লগতে আছে এই বিশ্বকাপৰ মহানায়ক লিঅ’নেল মেছিৰ খেল তথা ব্যক্তিত্বলৈ অহা পৰিৱৰ্তন তথা আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কাল’নিৰ ৰণনীতিৰ বিশ্লেষণ । গ্ৰন্থখনত আছে ভাৰতৰ বিশ্বকাপ ফুটবলৰ সপোন আৰু ইয়াক প্ৰাপ্তিৰ পথ সন্দৰ্ভত প্ৰৱন্ধও ৷

বিশ্বকাপৰ আলম লৈ ফুটবলৰ ৰণকৌশল, প্ৰশিক্ষকৰ ভূমিকা আৰু খেলুৱৈৰ প্ৰদৰ্শনৰ কাৰিকৰী দিশটো বোধগম্য হোৱাকৈ আৰু তথ্য তথা সাহিত্যৰ ভাৰসাম্য ৰক্ষাৰে পাঠকৰ ওচৰ চপাই নিয়াৰ প্ৰয়াস আছে এই গ্ৰন্থখনত ৷ লেখক ডেকাই আশা কৰে যে এই গ্ৰন্থখনে ফুটবলৰ সৌন্দৰ্যৰ অল্পচৰ্চিত দিশবোৰ সৰ্বসাধাৰণৰ আৰু অধিক চপাই নি খেলবিধৰ জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰিব ৷

প্ৰকাশক ‘পূৰ্বায়ণ’ৰ স্বত্বাধিকাৰী অমৃত উপাধ্যায়ে ফুটবল তথা ক্ৰীড়া বিষয়ক এইখন তেওঁলোকৰ প্ৰথম গ্ৰন্থ বুলি প্ৰকাশ কৰাৰ লগতে সাহিত্য আৰু তথ্যৰ সংমিশ্ৰণত ৰচিত এই গ্ৰন্থই অনুসন্ধিৎসু ক্ৰীড়াপ্ৰেমী পাঠকৰ হৃদয় জয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ৷

উল্লেখ্য যে গুৱাহাটী চিটী ফুটবল ক্লাবৰ সহঃপ্ৰতিষ্ঠাপক তথা গুৱাহাটী ক্ৰীড়া সন্থাৰো সহকাৰী সাধাৰণ সম্পাদক ডেকাৰ এইখন ফুটবল সম্পৰ্কীয় দ্বিতীয় গ্ৰন্থ ৷ ইয়াক পূৰ্বে তেওঁ ২০১৪ চনত ‘আইএছএল: আশা আৰু আশংকা’ নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল ৷ ‘কাটাৰ বিশ্বকাপৰ ৰণছন্দ’ সম্প্ৰতি অসম গ্ৰন্থমেলাত থকা পূৰ্বায়ণ প্ৰকাশনৰ ১৬ নম্বৰ ষ্টলত পাঠকে পাব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply