নিউজ ডেস্ক : লাভলীনা বৰগোঁহাইৰ অভিযোগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। লাভলীনা বৰগোঁহাইৰ অভিযোগৰ পিছতে এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ ঘটনাৰ প্ৰতি জ্ঞাত হৈছে। ক্ৰীড়া বিভাগ, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ উপৰিও কমনৱেল্থ ফেডাৰেচনে এই সমগ্ৰ বিষয়টো তদন্ত কৰি আছে। একে সময়তে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ক্ৰীড়া বিভাগে টুইট কৰি কৈছে যে আমি ভাৰতীয় অলিম্পিক সন্থাক অনুৰোধ কৰিছো যে লভলিনা বৰগোহাঁইৰ প্ৰশিক্ষক গৰাকীক স্বীকৃতি দিয়াৰ বাবে তাৎক্ষণিক ব্যৱস্থা কৰক।
লাভলীনা বৰগোঁহাইৰ ওপৰত মানসিক নিৰ্যাতন আৰু ৰাজনীতি চলা বুলি এক গুৰুত্বৰ।অভিযোগ উত্থাপন কৰিছিল খেলুৱৈ গৰাকীয়ে। এক টুইটযোগে অলিম্পিক পদক বিজয়ী ভাৰতৰ মহিলা বক্সাৰ গৰাকীয়ে এই অভিযোগ উত্থাপন কৰিছিল। টুইটাৰত লাভলীনা বৰগোঁহাইয়ে লিখিছিল ‘’অতি দুখেৰে ক’ব লৈছো যে মোৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে। প্ৰতিবাৰে মোৰ প্ৰশিক্ষক যি গৰাকীয়ে মোক অলিম্পিকত মেডেল অৰ্জন কৰাত সহায় কৰিছিল, তেওঁক বাৰে বাৰে সলনি কৰি মোৰ প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত নিৰ্যাতন চলোৱা হৈছে। ইয়াৰে এগৰাকী প্ৰশিক্ষক সন্ধ্যা গুৰুংজী দ্ৰোনাচাৰ্য বঁটা প্ৰাপক”।
লাভলীনা বৰগোঁহাইয়ে লগতে টুইট কৰি লিখিছিল “মোৰ দুয়ো গৰাকী প্ৰশিক্ষকক হাজাৰ হাজাৰ বাৰ অনুৰোধ কৰাৰ পাছতহে প্ৰশিক্ষণৰ বাবে কেম্পত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ ফলত মই প্ৰশিক্ষণৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সমূখীন হ’বলগীয়া হৈছোঁ। লগতে মানসিক নিৰ্যাতনো চলোৱা হৈছে। এতিয়া মোৰ প্ৰশিক্ষক সন্ধ্যা গুৰুংজীক কমনৱেল্থ ভিলেজৰ বাহিৰত আছে। তেওঁক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই। প্ৰশিক্ষণৰ গেমৰ ঠিক ৮ দিন পূৰ্বে ৰখাই দিয়া হয়”।
লগতে পঢ়ক – Assam Flood : এতিয়াও ৰাজ্যৰ ৪ খন জিলাৰ ৩৪ খন গাঁও জলমগ্ন হৈ আছে
ইয়াৰ লগতে টুইটযোগে লাভলীনা বৰগোঁহাইয়ে অভিযোগ কৰে “মোৰ দ্বিতীয় গৰাকী প্ৰশিক্ষককো ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে। মই ইমানবাৰ অনুৰোধ জনোৱাৰ পাছতো এনে কৰা হৈছে। এনেকৈয়ে মোক মানসিক নিৰ্যাতন চলোৱা হৈছে। মই বুজি পোৱা নাই যে খেলত কেনেকৈ মনোযোগ দিওঁ এনে পৰিস্থিতি। এনে ৰাজনীতিৰ মাজত মই মোৰ চিডব্লিউজি বেয়া কৰিব খোজা নাই। মই আশা কৰিছো যে এই ৰাজনীতিৰ মাজতে মই মোৰ দেশৰ বাবে পদক অৰ্জন কৰিব পাৰিম। জয় হিন্দ।’’