নিউজ ডেস্ক : বৃহস্পতিবাৰে উদ্বোধনী অনুষ্ঠানৰ পিছত শুকুৰবাৰৰ পৰা বাৰ্মিংহামত আৰম্ভ হয় কমনৱেলথ গেমছৰ খেল সমূহ। প্ৰথম দিনা ভাৰতীয় খেলুৱৈ সকলৰ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি কেইবাটাও ইভেণ্টত জয় লাভ কৰে। শুকুৰবাৰে অসমৰ পুৰুষ বক্সাৰ শিৱ থাপাই পাকিস্তানৰ বক্সাৰক পৰাস্ত কৰে। শনিবাৰে দ্বিতীয় দিনৰ খেলত বক্সিং ৰিঙত নামিব অসমৰ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই।
অলিম্পিক পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাই কমনৱেলথ গেমছৰ দ্বিতীয় দিনৰ ভাৰতৰ খেলুৱৈ সকলৰ মাজত সবাতোকৈ চৰ্চিত খেলুৱৈ। শনিবাৰে অসম কন্যা অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাই নামিব বক্সিং ৰিঙত। ৬৬-৭০ কেজি শাখাৰ প্ৰিকোৱাৰ্টাৰ ফাইনেলৰ খেলৰ বাবে ৰিঙত নামিব লাভলীনা বৰগোঁহাই। নিউজিলেণ্ডৰ মহিলা বক্সাৰ আৰাইন নিকলছনৰ বিৰুদ্ধে খেলিব অসম কন্যাই।
লগতে পঢ়ক – টি-২০ মেচ চলি থকাৰ সময়তে ভয়াবহ বিস্ফোৰণত কপি উঠিল কাবুল ষ্টেডিয়াম
শনিবাৰে প্ৰিকোৱাৰ্টাৰ ফাইনেলৰ খেলখনত নিউজিলেণ্ডৰ মহিলা বক্সাৰ আৰাইন নিকলছনক পৰাস্ত কৰিবলৈ সক্ষম হ’লে লাভলীনা বৰগোঁহাই ৱেলছৰ ৰজি একলেছৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলৰ খেলত অৱতীৰ্ণ হ’ব। উল্লেখ্য যে ৱেলছৰ ৰজি একলেছ ২০১৮ চনৰ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী বক্সাৰ। ইফালে শিৱ থাপাও স্কটলেণ্ডৰ ৰেছি লাইনছৰ বিৰুদ্ধে শনিবাৰে খেলত অৱতীৰ্ণ হ’ব।