গৰম দিনত পৰিৱেশ আৰু প্ৰদূষণৰ বাবে ছালখন শুকান হৈ পৰে। আপুনি আপোনাৰ ছালখন ৰক্ষা কৰিবলৈ সময়মতে যত্ন লব লাগে, যাতে গৰমৰ দিনতো ছালখন সুন্দৰ আৰু উজ্জ্বল কৰি ৰাখিব পাৰে। গৰমৰ দিনত সূৰ্যৰ প্ৰখৰ ৰ’দে ছালখনৰ ওপৰত প্ৰভাৱ পেলাই একেবাৰে ছালৰ উজ্জলতা নাইকীয়া কৰি পেলাই। গৰমৰ দিনত আপুনি আপোনাৰ ছালখন কেনেকৈ ৰক্ষা কৰিব জানো আহক।

১.বেচন আৰু দৈৰ প্ৰয়োগ –

বেচন আৰু দৈ দুয়োবিধ দ্ৰব্য ছালৰ বাবে খুউব উপকাৰী হয়। এই দুয়োবিধতে থকা উপাদানে ছালৰ ৰং পৰিষ্কাৰ কৰি ছালখনক সুন্দৰ, কোমল আৰু উজ্জ্বল কৰি তোলাত সহায় কৰে। ৰ’দে ক’লা কৰি তোলা ছালৰ কোষবোৰো আঁতৰাই দিব পাৰে।

২.হালধি, দৈ আৰু মৌৰে প্ৰস্তুত কৰা ফেচ পেক –

অতিজৰে পৰা  ছালৰ বাবে হালধিৰ প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায়। ছালৰ বিভিন্ন সমস্যাবোৰৰ কাৰণে হালধি অতি উপকাৰী। হালধিত এন্টি অক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আৰু এন্টিচেপ্টিক আদি থাকে যিয়ে ছালৰ সমস্যা দূৰ কৰাত সহায় কৰে। তেনেদৰে দৈয়ে ছালখনক মাইশ্চাৰাইজ কৰি ছালৰ আৰ্দ্ৰতা ৰক্ষা কৰে। মৌৱে ছালৰ কাৰণে প্ৰাকৃতিক ময়শ্চাৰাইজাৰৰ কাম কৰে।

৩. চন্দন আৰু গোলাপজলৰ প্ৰয়োগ-

চন্দন ছালৰ কাৰণে বৰ উপকাৰী। খহটা ছালৰ পৰা ব্ৰণৰ সমস্যালৈকে ইয়াৰ প্ৰয়োগ অতি ফলপ্ৰসূ। বৰ্ধিত বয়সৰ চাপ মুখৰ পৰা আঁতৰ কৰাতো চন্দনে সহায় কৰে আৰু মুখখন মসৃণ কৰাৰ বাবে চন্দন ব্যৱহাৰ কৰা হয়। তাৰোপৰি গোলাপজনে ছালখন সতেজ আৰু উজ্জ্বল কৰাত সহায় কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply