বিশ্বফুটবলৰ মহাতাৰকা পেলেৰ দেহাৱসান। ৩০ ডিচেম্বৰ তাৰিখে মৃত্যু হয় ব্ৰাজিলিয়ান ফুটবলাৰ এডচন আৰাণ্টেছ ডো নাচিমেণ্টো ওৰফে পেলে। মৃত্যুৰ সময়ত পেলেৰ বয়স আছিল ৮২ বছৰ।

তেওঁৰ কন্যাই ছোচিয়েল মিডিয়াৰ জৰিয়তে এই খবৰ প্ৰদান কৰে। পেলে কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল আৰু শেহতীয়াকৈ চিকিৎসাধীন হৈ আছিল।

পেলে ৩ বাৰকৈ বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল। প্ৰায় ১৫ বছৰ বয়সতে ফুটবলক কেৰিয়ালৰ হিচাপে লোৱা পেলে ১৬ বছৰ বয়সত ব্ৰাজিলৰ ৰাষ্ট্ৰীয় ফুটবলৰ দলত যোগদান কৰিছিল। মহান তাৰকা গৰাকীৰ মৃত্যুত সমগ্ৰ বিশ্বত পৰিছে শোকৰ ছাঁ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply