নিউজ ডেস্ক: বুধবাৰে গোলাঘাট জিলাৰ দক্ষিণহেঙ্গেৰা চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন শ্ৰমিক। চাহ বাগিচাখনত কাম কৰি থকা অৱস্থাতে হঠাৎ নাহৰফুটুকীটোৱে আক্ৰমণ কৰে চাহ শ্ৰমিকজনক। বাঘৰ আক্ৰমণত লোকজনে হাত আৰু বুকুত গুৰুত্বৰভাৱে আঘাত পায় ।

বাগিচাত কাম কৰি থকাৰ সময়তে হঠাৎ নাহৰফুটুকীটোৱে আক্ৰমণ কৰিছিল যুৱকজনক। আক্ৰমণ কৰাৰ সময়তে সুযোগ বুজি নাহৰফুটুকীটোৰ সৈতে যুজ দিয়ে যুৱকজনে। সৌভাগ্যক্ৰমে নাহৰফুটুকীটোৱে অধিক আক্ৰমণ কৰাৰ পূৰ্বেই সেই স্থানৰ পৰা শ্ৰমিকজন পলাই সাৰিবলৈ সক্ষম হয়।

জানিব পৰামতে আহত শ্ৰমিকজনৰ নাম বুবুল মিৰ্ধা । বৰ্তমান আহত লোকজনক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply