নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰে আন এটা চিতা বাঘৰ মৃত্যু। এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনত নামিবিয়াৰ পৰা অনা জ্বালা নামৰ চিতা বাঘজনীৰ পোৱালি এটাৰ মৃত্যু হয়।

চলিত বৰ্ষৰ ২৭ মাৰ্চত জ্বালা নামৰ চিতা বাঘজনীয়ে চাৰিটাকৈ চিতা বাঘৰ পোৱালি জন্ম দিছিলে। চিতা বাঘৰ পোৱালি কেইটাৰ জন্মৰ পিছতেই ৰাষ্ট্ৰীয় উদ্যানখনত ২৩ টা লৈ বৃদ্ধি পাইছিল চিতা বাঘৰ সংখ্যা।

জ্বালাই পোৱালিকেইটা জন্মৰ দুদিনৰ পূৰ্বে ছাছা নামৰ চিতা বাঘ এটিৰ মৃত্যু হৈছিল। ইয়াৰ পিচত উদয় আৰু দক্ষা নামৰ আন দুটা চিতাৰ মৃত্যু হয়। এতিয়া কুনোত চিতা বাঘৰ সংখ্যা ২০লৈ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে, ১৯৫২ চনতেই চিতাবাঘৰ প্রজাতিৰ ভাৰতত বিলুপ্তি ঘটিছিল। প্ৰায় ৭০ বছৰ পূর্বে ভাৰতৰ পৰা বিলুপ্তি ঘটা চিতাবাঘক পুনৰ উজ্জীৱিত কৰিবৰ বাবে বিগত বৰ্ষৰ ১৭ ছেপ্টেম্বৰত আন্তঃমহাদেশীয় স্থানান্তৰ প্রকল্পৰ অধীনত নামিবিয়াৰ পৰা বিশেষ বিমানযোগে আঠটা চিতাবাঘ ভাৰতৰ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল। এই চিতা কেইটাৰ ভিতৰত পাঁচটা মাইকী আৰু তিনিটা মতা চিতাবাঘ আছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ১৮ ফেব্ৰুৱাৰীত আৰু ১২ টা চিতা দক্ষিণ আফ্ৰিকাৰ পৰা আনি কুনোত এৰি দিয়া হৈছিল।

জানোঁ আহক চিতাবাঘৰ বিষয়ে কিছু কথা,

চিতা হৈছে মুখ্যতঃ আফ্ৰিকা আৰু মধ্য ইৰাণত পোৱা এক বন্য প্ৰাণী। মেকুৰী প্ৰজাতিৰ ভিতৰত চিতা আটাইতকৈ ডাঙৰ মেকুৰী। ই হৈছে দ্ৰুতগতিত চলা ফুৰা কৰা জন্তু। যিয়ে প্ৰতি ঘণ্টাত ৯৩ আৰু ৯৮ কিলোমিটাৰ বেগত দৌৰিব পাৰে। ইয়াৰ মূৰৰ পৰা শৰীৰৰ দৈৰ্ঘ্য প্ৰায় ১.১ ৰ পৰা ১.৫ মিটাৰ ভিতৰত। এটা ডাঙৰ চিতাৰ ওজন ২১ ৰ পৰা ৭২ কিলোগ্ৰামৰ ভিতৰত থাকে।

লগতে পঢ়ক – নৱনিৰ্মিত ‘শ্বহীদ স্মাৰক আৰু শ্বহীদ উদ্যান’ ৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply