অৱশেষত মৃত্যু হ’ল যোৰহাটৰ চটাইত উদ্ধাৰ কৰা গুৰুতৰভাৱে আহত নাহৰফুটুকীটোৰ। মঙ্গলবাৰে ট্ৰেংকুইলাইজ কৰাৰ পাছত কাজিৰঙাৰ চি ডব্লিউ আৰ চিলৈ লৈ যোৱা হৈছিল নাহৰফুটুকীটো৷

চিকিৎসকে জনোৱা মতে নাহৰফুটুকীটোৰ ঠেঙৰ হাড় ভাঙি যোৱাৰ লগতে শৰীৰৰ বিভিন্ন অংশত পোৱা গৈছিল চোকা অস্ত্ৰৰ আঘাতৰ চিন। কোনো দুষ্কৃতিকাৰীয়ে নাহৰফুটুকীটোক আক্ৰমণ কৰা বুলি সন্দেহ প্ৰকাশ কৰে চিকিৎসকে৷

উল্লেখ্য যে,  যোৰহাটৰ চটাইৰ বৰ্ষাৰণ্যৰ গৱেষণা কেন্দ্ৰৰ আৱাসিক এলেকাত নাহৰফুটুকীটোৰ আক্ৰমণত ১৫ জন লোক আহত হৈছিল। কাজিৰঙাৰ বন্যপ্ৰাণীৰ পুনৰ সংস্থাপন কেন্দ্ৰ লৈ অনাৰ পাছত সুস্থ হৈছিল যদিও অধিক ৰক্তক্ষয়ী হোৱাৰ বাবে বৃহস্পতিবাৰে পুৱা মৃত্যুক সাৱটি লয় নাহৰফুটুকীটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply