গুৱাহাটী- নিয়মীয়াকৈ চুলিত বহুতো ব্যক্তিয়ে তেল সনা দেকা যায়। বেছিভাগ ব্যক্তিয়ে ৰাতি শুৱাসময়ত চুলিত তেল সানি শুই যায়। বহু ব্যক্তিয়ে ভাৱে যে ৰাতি চুলিত তেল সানি শুলে চুলিৰ গঠন ভাল হয় আৰু চুলি সোনকালে দীঘল হয়। কিন্তু ৰাতি চুলিত তেল সানি শুলে বহুতো অপকাৰ হোৱাও দেখা যায়। এই বিষয়ে জানো আহক-
১/ চুলিত নিয়মীয়াকৈ তেল সানিলে মগজুৰ ৰক্ত সঞ্চালন বৃদ্ধি পায়। ইয়াৰ ফলত চুলি সোনকালে দীঘল হয়। কিন্তু প্রতিদিনেই চুলিত তেল সনাটো বিভিন্ন ক্ষতিয়ো হ’ব পাৰে। সেয়েহে ব্যক্তিয়ে সপ্তাহত দুদিন অথবা তিনিদিনহে তেল সানিব লাগে। যদি আপোনাৰ মূৰৰ ছাল তেলেতীয়া হয় তেন্তে সপ্তাহত এদিন অথবা দুদিন তেল সনাটো উপকাৰী।
২/ চুলিত অতিৰিক্ত তেল সানিব নালাগে। অতিৰিক্ত তেল সানিলে চেম্পুৰ প্ৰয়োজনো বেছি হয় আৰু ব্যৱহাৰ বৃদ্ধি পায়। ফলত মূৰৰ ছাল কক্ষ হোৱাৰ সম্ভাৱনা বেছি থাকে। ফলত সহজেই চুলি সৰিব পাৰে।
৩/ অতিৰিক্ত চুলিত তেল সানিলে চুলিৰ গুৰি দুৰ্বল হয়। চুলিত তেল সানি বহু মহিলাই চুলি বান্ধি ৰাখে। ফলত চুলিৰ গুৰি দূৰ্বল হয় আৰু চুলি সৰাৰ আশংকা বৃদ্ধি পায়।
৪/ চুলিত তেল সনাৰ সঠিক নিয়ম হৈছে চুলিৰ ঘনত্ব আৰু দৈর্ঘ্য অনুযায়ীহে তেল সানিব লাগে। নাৰিকলৰ তেল চুলিৰ বাবে বেছি উপকাৰী। এই তেল সামান্য গৰম কৰি লৈ চুলিত লাহে লাহে মালিচ কৰিব লাগে। এইদৰে সনাৰ এঘণ্টাৰ পাছতে চুলি ধুই দিব লাগে।