গুৱাহাটী- বৰ্তমান সময়ত আম সকলোতে উপলব্ধ। আম হৈছে ফলত ৰজা। পকা আম খায় সকলোৱে ভাল পায়। আমত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ গুণ থাকে। আমত ভিটামিন বি, ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, ভিটামিন কে ৰ উপৰিও আয়ৰন, ছডিয়াম, ফছফৰাচ, খনিজ লৱন, শ্বেতসাৰ আৰু পটাছিয়াম থাকে। ব্যক্তিয়ে আম কিয় খাব লাগে জানো আহক-

১/  পকা আমত পর্যাপ্ত পৰিমাণে খনিজ লৱন পোৱা যায়। এই খনিজ লৱনে আমাৰ শৰীৰৰ দাঁত, নখ, চুলি আদি মজবুত কৰি ৰখাত সহায় কৰে। সেইদৰে আমে কলা দাগ দূৰ কৰাত বিশেষভাৱে সহায় কৰে।

২/ পকা আমে আমাৰ ত্বক সুন্দৰ, উজ্জ্বল আৰু মসৃণ কৰে। তদুপৰি ত্বকৰ বাহিৰ আৰু ভিতৰ উভয়কে সুন্দৰ কৰি ৰখাত সহায় কৰে। সেইদৰে আমে ব্ৰণৰ সমস্যা সমাধানত বিশেষ ভূমিকা পালন কৰে।

৩/  আমে কেন্সাৰৰ প্ৰতিৰোধী হিচাপেও কাম কৰে। আমত আছে পর্যাপ্ত পৰিমাণে এন্টিঅক্সিডেন্ট। যি শৰীৰৰ কেন্সাৰ প্ৰতিৰোধত সহায় কৰাৰ লগতে বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৪/ পকা আমে আমাৰ শৰীৰত ৰক্ত পৰিষ্কাৰত সহায় কৰে। আমত প্ৰচুৰ টাৰটাৰিক, চাইট্রিক এচিড পোৱা যায়। আমত থকা কেলছিয়াম হাড়ৰ বাবে বহু পৰিমাণে উপকাৰী। তদুপৰি হৃদযন্ত্ৰ আৰু চকুৰ বাবেও আম খোৱাটো ভাল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply