বিশ্ব ৰেকৰ্ড গঢ়িলে নগাঁৱৰ কণমানি জ্যোস্মিতাই

নগাওঁ– নগাঁৱৰ কণমানি জ্যোস্মিতাৰ সাফল্য। চাৰি ঘন্টা সময় একেৰাহে পদঙ্গোস্থ ধনুৰাসনেৰে ৰাষ্ট্ৰসংঘৰ অধিনস্থ চ’লান বুক অব ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিলে জ্যোস্মিতা শইকীয়াই। জ্যোস্মিতা নগাঁৱৰ ডাকৰঘাট নিৰ্বাসী কোশল শইকীয়া আৰু আইমণি শইকীয়াৰ কন্যা।

”DRUNACHARYA The RHYTHM OF Art” যোগ বিদ্যালয় তথা নগাঁও জিলা যোগ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী জ্যোস্মিতাই যোগাসনৰ পদঙ্গোস্থ ধনুৰাসনৰ ভংগিমাত চাৰি ঘন্টা সময় একেৰাহে ৰৈ থাকি এই সন্মান অৰ্জন কৰি জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয় অধিনস্থ নগাঁও জিলা যোগ কেন্দ্ৰৰ যোগ প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্ম্মাই জনোৱা মতে দ্ৰোণাচাৰ্য The Rhythm of Art ৰ ব্যৱস্থাপনাত তথা Nagaon District yoga Sports Development Association ৰ সহযোগত ২৪ জানুৱাৰীত ডাকৰঘাট সৌৰভ পুথিভৰালৰ পেক্ষাগৃহত যোগ প্ৰদৰ্শন কৰিছিল জ্যোস্মিতাই ।

সেই অনুষ্ঠানত ”চ’লান বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড”ৰ অসম শাখাৰ সভাপতি হৰেশ্বৰ শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় ৰেলমন্ত্ৰী তথা একল যোগ আৰোগ্য যোজনাৰ নগাঁও জিলাৰ সভাপতি ৰাজেন গোঁহাই, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্ম্মা, একল অভিযানৰ নগাঁও জিলা সভাপতি ৰাধা ৰমন খাটোৱালা, জেষ্ঠ সাংবাদিক কনক হাজৰিকা, অৰুণ নাগৰুৱাল, নগাঁও জিলা যোগ স্পৰ্টছ ডেভেলপমেন্ট এচোছিয়েচনৰ সমূহ কৰ্মকৰ্তা প্ৰমূখ্যে সহস্ৰাধিক লোক উপস্থিত আছিল।

জোস্মিতাই পদঙ্গোস্থ ধনুৰাসন প্ৰদৰ্শন কৰিছিল আৰু একেৰাহে চাৰি ঘন্টা এই আসন প্ৰদৰ্শনৰ অন্তত জোস্মিতালৈ উল্লিখিত সংস্থাই এই স্বীকৃতি প্ৰদান কৰে। বৰ্তমান জোস্মিতা ডাকৰঘাট জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী। বিগত তিনি বছৰ ধৰি প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্ম্মাৰ তত্ত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে জোস্মিতাই। ইতিমধ্যে অঞ্জন কৌশিক শৰ্ম্মাৰ তত্ত্বাবধানত প্ৰশিক্ষণ প্ৰাপ্ত আন এগৰাকী যোগ প্ৰশিক্ষাৰ্থীয়েও কিছুমাহ পূৰ্বে গৰ্ভাসনত বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply