শীতকালত ছালৰ যতন

নিউজ ডেস্ক– শীত আহিছে। শীতৰ আগমণৰ লগে লগে আমাৰ গাৰ ছালখন শুকান হৈ পৰে। মুখৰ উজ্জ্বলতা নোহোৱা হৈ ছালখন নিস্তেজ হৈ পৰে। আপুনিও বাৰু এনে সমস্যাত ভোগিছে নেকি ? যদি হয়, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কাৰণ নিয়মীয়াকৈ প্রাকৃতিক উপাদানেৰে যদি ছালখন অলপ পৰিচর্যা কৰা যায় তেনেহ’লে এনেবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পৰা যায়। গতিকে এই শীতত আপোনাৰ এই সমস্যাবোৰ দূৰ কৰি কেনেকৈনো আপোনাৰ সৌন্দৰ্য্যক ধৰি ৰাখিব পাৰিব সেই বিষয়ে তলত উল্লেখ কৰা হ’ল—

১.শীতকালত ছালখন খুব শুকান হৈ পৰে । সেইবাবে মুখত ভিটামিন- ই যুক্ত মইশ্বাৰাইজাৰ ব্য়ৱহাৰ কৰক। পৰিস্কাৰ পানীৰে মুখ খন ধুই দিনে ৩-৪ বাৰকৈ মইশ্বাৰাইজাৰ লগাওক।

২. শীতকালত যিহেতু ছালখন শুকান হৈ পৰে সেইবাবে চাবোনৰ ব্য়ৱহাৰ কম কৰক। ইয়াৰ পৰিৱৰ্তে বেচন ব্য়ৱহাৰ কৰিব পাৰে। বেচনত মৌ মিহলাই লগাব পাৰে। এই মিশ্ৰণে ছালৰ মৰা কোষ সমূহ দূৰ কৰে।

৩. ছালখন বেছি শুকান হৈ গ’লে স্ক্ৰীব নকৰিব। ইয়াৰ পৰিৱৰ্তে দৈৰ লগত চেনী মিহলাই মুখত লগাওক। এই মিশ্ৰণটো অলপ সময় শুকাবলৈ দিয়ক। হাতেৰে মাছাজ কৰি কুহুমীয়া গৰম পানীৰে মুখখন ধুই পেলাব। মুখৰ ছালখনো কোমল হৈ পৰিব।

৪.সাধাৰণতে শীতকালত কালত ছানস্ক্ৰীণ লগোৱাটো বহুতে প্ৰয়োজন বুলি নাভাবে কিন্তু শীতকালতো ছানস্ক্ৰীণ লগোৱাটো খুবেই প্ৰয়োজনীয়।

৫. গ্লিছাৰিণ,নেমু আৰু গোলাবজল মিহলাই এটা বটলত ৰাখি থৈ দিয়ক। সদায় ৰাতি শুৱলৈ যোৱাৰ সময়ত এই মিশ্ৰণটো মুখত লগাওক আৰু ৰাতিপুৱা উঠি মুখখন কুহুমীয়া পানীৰে ধুই দিয়ক । ই আপোনাৰ ছালখন সতেজ কৰি তুলিব।

পৰ্যাপ্ত পৰিমাণে পানী খাওঁক

৬. পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো প্ৰয়োজন। পানীয়ে ছালখন হাইড্ৰেট কৰি ৰাখে। শীতকালত গৰম পানী পৰ্যাপ্ত পৰিমাণে খাওঁক। মুখৰ উজ্জলতা বঢ়াৰ লগে লগে ওজন হ্ৰাস কৰাটো গৰম পানীয়ে সহায় কৰে।

৭. ছালখন ধুনীয়াকৈ ৰাখিবলৈ খোৱা খাদ্য়ৰ ওপৰতো মন দিব। প্ৰচুৰ পৰিমাণে সেউজীয়া শাক-পাচঁলি আৰু ফলমূল খাওঁক। ফাষ্ট ফুড-জাংক ফুড খোৱাটো পৰাপক্ষত কমাই দিব।

প্ৰচুৰ পৰিমাণে সেউজীয়া শাক-পাচঁলি আৰু ফলমূল খাওঁক

৮. দুই চামুচ মৌ, এচামুচ মাখন, আধা চামুচ নেমু ৰস, আধা চামুচ মৌ মিহলাই এই পেকটো মুখত লগাব। লগতে হাত আৰু ডিঙিতো লগাব। এই পেকটো আধা ঘন্টাৰ বাবে লগাব। পিছত কুহুমীয়া পানীৰে ধুই পেলাব। সপ্তাহত এই পেকটো তিনিবাৰ লগাব। এই পেকটোৱে মুখৰ ছালখন কোমল আৰু উজ্জ্বল কৰাৰ লগতে মুখৰ ক’লা দাগ আতঁৰাত সহায় কৰে।

৯. এটা কণীৰ লগত এক চামুচ মৌ মিহলাই মুখ, ডিঙি আৰু হাত-ভৰিত লগাব। প্ৰায় আধা ঘন্টাৰ পাছত কুহুমীয়া গৰম পানীৰে ধুই পেলাব।

১০. ছালৰ বাবে গাখীৰ খুবেই উপকাৰী। কেঁচা গাখীৰ মুখত লগাই প্ৰায় ১৫ মিনিট সময়ৰ পাছত অলপ মাছাজ কৰি মুখখন পানীৰে ধুই পেলাব। গাখীৰ যিকোনো ফেচপেকৰ লগতো মিহলাই লগাব পাৰে। গাখীৰে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply