নিউজ ডেস্কঃ সাধাৰণতে যুৱতীসকলৰ ক্ষেত্ৰত দেখা যায় যিমানেই কাপোৰ নাথাকক কিয় বিয়া বা অফিচ পাৰ্টি, পূজা ,যিকোনো অনুষ্ঠানৰ পূৰ্বে সকলো ছোৱালীৰ মনত মাত্ৰ এটাই প্ৰশ্ন থাকে – কি পিন্ধিব?

এইবাৰ দুৰ্গা পূজাত যদি যুৱতীসকলে কেইবাযোৰো কাপোৰ কিনাৰ আপুনি সুযোগ পোৱা নাই তেনেহ’লে চিন্তাৰ কোনো প্ৰয়োজন নাই।
কাৰণ এটা বগা চাৰ্টেৰে আপোনাৰ আলমাৰীত থকা বিভিন্ন পোছাকৰ লগত ডিজাইন কৰি এটা বেলেগ ধৰণৰ লুক দিব পাৰিব।

ক’লা ৰঙৰ দৰেই বগা ৰঙৰ প্ৰতিও প্ৰতিগৰাকী যুৱতীৰে এক পৃথক আকৰ্ষণ আছে। সাধাৰণতে প্ৰতিগৰাকী যুৱতীৰ আলমাৰীত এটা বগা চাৰ্ট থাকেই। বগা চাৰ্টৰ সৈতে আন যিকোনো ৰঙেই উজ্জ্বল দেখায়।
কেনেদৰে যুৱতীসকলে এটা বগা চাৰ্ট থাকিলে ভিন্ন ধৰণেৰ পিন্ধিব পাৰিব-

১) আপুনি স্কাৰ্ট পিন্ধিবলৈ ভাল পায় নে? শেহতীয়াকৈ বেনাৰসী স্কাৰ্টবোৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। ৰঙীন বেনাৰসী স্কাৰ্টৰ সৈতে এটা বগা চাৰ্ট পিন্ধিব পাৰে। ডিঙিত এডাল নেকপিচৰ সৈতে এটা আকৰ্ষণীয় লুক দিব পাৰে।

২) বহুলোকে শাৰীৰ সৈতে কি ব্লাউজ পিন্ধিব খুব বিভ্ৰান্তিত পৰে। বহুতে এই সমস্যাৰ সন্মুখীন হবলগীয়া হয়। এখন গাঢ় ৰঙৰ হেণ্ডলুম শাৰীৰ সৈতে এটা বগা চাৰ্ট, অক্সিডাইজ গহনা, এটা খোপা আৰু শাৰীৰ সৈতে মিলাই খোপাত এটা গোলাপ ফুল। এইদৰে আপুনি নিজকে সজাই পুৱা দেৱী দুৰ্গাক সেৱা আগবঢ়াবলৈ যাব পাৰে।

৩) সাধাৰণতে পোছাকৰ ওপৰত জেকেট পিন্ধা ষ্টাইলটো যথেষ্ট পুৰণি। আপোনাৰ পচন্দৰ যিকোনো এটা পোছাকৰ ওপৰত আপুনি এটা বগা চাৰ্ট পিন্ধিব পাৰে।লগতে কঁকালত এডাল বেল্টৰ মাৰিব পাৰে ।দুৰ্গা পূজাৰ নৱমীৰ সন্ধিয়া বন্ধুৰ ঘৰত পাৰ্টি অথবা বন্ধুৰ সৈতে ৰেষ্টুৰেন্টলৈ খাবলৈ যাওঁক – এই পোছাক আপোনাৰ বাবে সকলো ক্ষেত্ৰতে উপযোগী হ’ব।

৪) জিন্সৰ দৰে আৰু আৰামদায়ক কাপোৰ নাই। যুৱতীসকলে জিন্সৰ সৈতে বগা চাৰ্ট পৰিধান কৰিব পাৰে। এযোৰ হাইহিল, হাতত এটা হেণ্ডবেগৰ সৈতে নিজকে অধিক আকৰ্ষণীয় কৰি তোলক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply