নিউজ ডেস্কঃ উৎসৱৰ বতৰত মুখ মিঠা কৰাটো ভাৰতত এক পৰম্পৰা । গ্ৰাহকক আকর্ষিত কৰিবলৈ প্রতিযােগিতাত অৱতীৰ্ণ হয় মিঠাই বিক্রেতাসকল । দুৰ্গা পূজাত মিঠাই খোৱাৰ আনন্দই সুকীয়া।
আগ্ৰাৰ এখন মিঠাইৰ দোকানে এক বিশেষ মিঠাই তৈয়াৰ কৰিছে। এই মিঠাইবিধ ২৪ কেৰেট বিশুদ্ধ সোণৰে তৈয়াৰ কৰা হৈছে। এই মিঠাইৰ মূল উপাদানসমূহ হৈছে ঘিউ আৰু ময়দা। এই মিঠাই বিধৰ নাম দিয়া হৈছে ‘গোল্ডেন ঘেৱৰ’ । প্ৰতি কিলোগ্ৰামত মূল্য হৈছে ২৫,000 টকা।
জানিব পৰা মতে, বৰ্তমানলৈকে প্ৰায় ১২ কিলোগ্ৰাম ঘেৱৰ বিক্ৰী হৈছে। বুট, ঘিউ আৰু সোণৰ উপৰিও, এই বিশেষ মিঠাইত পিস্তা, বাদাম, আখৰোট আৰু আন কেইবাটাও শুকান ফলৰে তৈয়াৰ কৰা হৈছে। মিঠাইৰ দোকানখনৰ গৰাকীয়ে কৈয় যে প্ৰতি বছৰে পূজা উপলক্ষে তেওঁলোকে নতুন নতুন প্ৰকাৰৰ মিঠাই তৈয়াৰ কৰে। কিন্তু এইবাৰ তেওঁ অলপ বেলেগ তৈয়াৰ কৰিব বিচাৰিছিল। সেই বাবেই এইবিধ মিঠাই তৈয়াৰ কৰে। অৱশ্যে মিঠাইবিধ বিক্ৰী হ’ব নে নহ’ব তাক লৈ চিন্তিত হৈছিল অৱশ্যে গ্ৰাহকৰ পৰা সন্তোষজনক সঁহাৰি লাভ কৰিছে বুলি মিঠাই দোকানখনৰ গৰাকীয়ে উল্লেখ কৰে।