নিউজ ডেস্কঃ বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ ত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব’ “চিকি-মিকি”ৰ ৷ শুকুৰবাৰৰ পেৰিছৰ লে চেলুন ডেছ মিৰ’ইৰছৰ ৰেম্পত সমুজ্জল হৈ পৰিল সংযুক্তা দত্তৰ  ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে ।

পেৰিচত প্ৰদৰ্শিত এই ‘চিকি-মিকি’ ফেশ্বন শ্ব’ত পাট-মূগাত নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী নাৰীৰ সৌন্দৰ্যক পুনৰ নতুনকৈ উজলাই তোলাৰ প্ৰয়াস কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত ইতিমধ্যে সমাদৃত ডিজাইনাৰ সংযুক্তা দত্তই ৷

পেৰিচত ফেশ্বন ডিজাইনাৰ গৰাকীৰ অনুষ্ঠান উপভোগ কৰি পেৰিচৰ ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব দেবাশিষ চক্ৰৱৰ্তীয়ে সংযুক্তাৰ পোচাক সমূহৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁৰ কামে দেশখনক গৌৰৱান্বিত কৰা বুলি সদৰি কৰে ।

পেৰিচৰ ফেশ্বন শ্ব’টিত অংশগ্ৰহণৰ পিছত ডিজাইনাৰ সংযুক্তা দত্তই মন্তব্য কৰে – “কেতিয়াবা ভগৱানৰ উপহাৰবোৰ আমাৰ আটাইতকৈ ডাঙৰ সপোনটোতকৈয়ো ওপৰত ৷ বিশ্বৰ মানচিত্ৰত অসমৰ হস্ততাঁত শিল্পৰ বস্ত্ৰৰ প্ৰদৰ্শনৰ বিৰল সুযোগ প্ৰাপ্তিৰে মই আৰু মোৰ হস্ততাঁত শিল্পী সকলে নিজকে সৌভাগ্যবান বুলি বিবেচনা কৰিছো ৷ বিশ্বমানৰ এনে মঞ্চত এক স্থানীয় ফেশ্বন আহি পোৱাটোও মোৰ বাবে এক বিৰল প্ৰাপ্তি ৷ “

উল্লেখযোগ্য যে, সংযুক্তা দত্ত হ’ল ইতিপূৰ্বে লেকমে ফেশ্বন শ্ব’ত  নিজৰ ডিজাইন প্ৰদৰ্শন কৰা প্ৰথম গৰাকী অসমীয়া মহিলা ৷ লেকমে ফেশ্বন শ্ব’ত অংশগ্ৰহণৰ পিছত আৰু পাছলৈ উভতি চাব লগীয়া হোৱা নাই ফেশ্বন ডিজাইনাৰ সংযুক্তাই ৷ ভাৰতৰ বিখ্যাত ফেশ্বন শ্ব’বোৰৰ উপৰিও লেকমে ফেশ্বন উইক, FDCI, লণ্ডন ফেশ্বন শ্ব’ আদি বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব’ত অংশগ্ৰহণেৰে নিজৰ সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply