নিউজ ডেস্কঃ এতিয়াৰে পৰা ছোৱালীক ১৮ বছৰত নহয় ২১বছৰতহে বিয়া দিবলৈ পাৰিব। কেন্দ্ৰীয় কেবিনেটে কন্যাৰ বিবাহৰ যোগ্য বয়স ১৮ৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰি পুৰুষৰ সৈতে বয়স একে কৰাৰ ক্ষেত্ৰত এই প্ৰস্তাৱ গ্ৰহণ কৰিছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ স্বাধীনতা দিৱসৰ বক্তৃতাত তেওঁৰ এই পৰিকল্পনাৰ কথা উল্লেখ কৰাৰ প্ৰায় এবছৰৰ পিছত ১৫ ডিচেম্বৰৰ দিনা কেবিনেটে এই প্ৰস্তাৱত সন্মতিৰ সঁহাৰি জনায়।
জয়া জেইটলীয়ে নেতৃত্ব দিয়া চৰকাৰৰ এক বিশেষ টাস্কফ’ৰ্চে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত নীতি আয়োগলৈ আগবঢ়োৱা পৰামৰ্শ অনুসৰি এই প্ৰস্তাৱ ৰখা হৈছিল। প্ৰসূতি মৃত্যুৰ হাৰ হ্ৰাসৰ লগতে মাতৃসকলৰ পুষ্টিজনিত সমস্যাসমূহ উন্নত কৰা আৰু তেনেধৰণৰ প্ৰাসংগিক কথাৰ বাবেই এই প্ৰস্তাৱ অনুমোদন কৰা হয়।
লগতে পঢ়কঃজীয়াই আছে শ্বিনা বৰা! মাতৃ ইন্দ্ৰানী মুখাৰ্জীৰ চাঞ্চল্যকৰ দাবী
ইয়াৰ পিছৰ পৰ্যায়ত চৰকাৰে শিশু বিবাহ নিষেধ আইন ২০০৬, বিশেষ বিবাহ আইন তথা হিন্দু বিবাহ আইন ১৯৫৫ আদিৰ দৰে ব্যক্তিগত আইনবোৰো সংশোধনৰ কথা চিন্তা কৰি আগবাঢ়িব বুলি প্ৰকাশ।