নিউজ ডেস্কঃ আপুনি কেইবাদিনো ধৰি মৃদু জ্বৰ, চৰ্দি আৰু কাহত ভুগি আছে নেকি? কোভিডৰ সকলোবোৰ লক্ষণ থকাৰ পিছতো আপোনাৰ কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে নেকি?কিন্তু কিয় হয় এনেকুৱা? চিকিৎসকসকলে এই সন্দৰ্ভত কেইবাটাও তথ্য দাঙি ধৰিছে।

বজাৰত এতিয়া কোভিড পৰীক্ষাৰ বিভিন্ন কিট উপলব্ধ। কিটবোৰৰ সহায়ত কোভিড পৰীক্ষাৰ ফলাফল মাত্ৰ ১৫ মিনিটৰ ভিতৰতে পাব পাৰি। ইয়াৰ মূল্যয়ো বেছি নহয়। বৰ্তমান বহুলোকে ঘৰতে এই কিট সমূহ ক্ৰয় কৰি কোভিড পৰীক্ষা কৰি আছে। এই ক্ষেত্ৰত নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়া সদায়ে সঠিক নহয়। সেইবাবেও কোভিড পৰীক্ষাৰ ফলাফল প্ৰায় ‘নিগেটিভ’ অহা দেখা যায়।

ইয়াৰ বাহিৰেও লেব টেকনিচিয়ানে ঘৰৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ লৈ যোৱাৰ সময়ত নমুনা সংৰক্ষণৰ ক্ষেত্ৰটো বিসংগতি দেখা যায়। এই ক্ষেত্ৰটো ৰিপ’ৰ্ট ”নিগেটিভ” হ’ব পাৰে।

আনহাতে, গৱেষকসকলৰ মতে অমিক্ৰণ প্ৰায়ে ”ৰেপিড টেষ্ট”ত চিনাক্ত নহয়।

ৰিপৰ্ট নিগেটিভ হোৱাৰ আন কাৰণো থাকিব পাৰে বুলি চিকিৎসকসকলে উল্লেখ কৰিছে। ৰোগীৰ Viral load  ইমান কম হ’ব পাৰে যে পৰীক্ষাত ইয়াক চিনাক্ত কৰিব নোৱাৰি। আৰ.টি.-পি.চি.আৰ. পৰীক্ষাৰ ”cycle threshold value”য়ে নিৰ্দ্ধাৰণ কৰে ব্যক্তিগৰাকী কোভিডত আক্ৰান্ত হৈছে নে নাই।

আই.চি.এম.আৰ.ৰ অনুসৰি, যদি CT value ৩৫ তকৈ অধিক হয় তেনেহ’লে ব্যক্তিজন কোভিডৰ দ্বাৰা সংক্ৰমিত নহয়। এজন ব্যক্তিৰ Viral load অত্যাধিক কম হ’লেই তেওঁৰ CT value ৩৫ অধিক হ’ব আৰু তেতিয়াই পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ হয়।

গতিকে কোভিড লক্ষণ থকাৰ পিছতো যদিহে আৰ.টি.-পি.চি.আৰ. ৰিপ’ৰ্ট নিগেটিভ হয় তথাপিও সাতদিনৰ বাবে কোৱাৰেন্টাইনত থকাটো প্ৰয়োজন বুলি চিকিৎসকসকলে পৰামৰ্শ দিছে। লগতে অক্সিজেনৰ মাত্ৰা, শৰীৰৰ তাপমাত্ৰা সঘনাই জুখি থকাটো প্ৰয়োজনীয়। কোভিড লক্ষণ দেখা দিয়াৰ পঞ্চম বা ষষ্ঠ দিনৰ পিছত পুনৰ এবাৰ পৰীক্ষা কৰাটো জৰুৰী বুলিও বিশেষজ্ঞসকলে মন্তব্য কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply