নিউজ ডেস্কঃ পোহৰৰ উৎসৱ দেৱালীলৈ মাজত কেইটামান দিন বাকী আছে। দেৱালীৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। উৎসৱৰ বতৰত সকলোৱে আনদিনতকৈ নিজকে আৰু অধিক আকৰ্ষণীয়কৈ সজাব বিচাৰে। উৎসৱ বিশেষে পোছাকৰ ৰঙৰ পৰা শৈলীও ভিন্ন হয়।

বজাৰত সদায় নতুন নতুন ডিজাইন ট্ৰেণ্ডত থাকে তথাপিও উৎসৱৰ সময়ত এযোৰ সঠিক কাপোৰ নিৰ্বাচন কৰাত প্ৰায়েই সমস্যাৰ সৃষ্টি হয়। বজাৰলৈ গৈ এযোৰ কাপোৰ কিনিবলৈ যদি হাতত সময় নাই তেনেহ’লে অনলাইন শ্বপিং এপ সমূহত গৈ আপোনাৰ পছন্দৰ কাপোৰযোৰ নিৰ্বাচন কৰিব পাৰে।

উৎসৱৰ বাবে নিজকে আকৰ্ষণীয়কৈ সজাই পৰাই তুলিবলৈ কেইটামান ট্ৰেণ্ডি আউটফিট শ্বেয়াৰ কৰা হ’ল –

ফ্ল’ৰেল এম্ব’ইদাৰী আনাৰকলী

এইধৰণৰ ফ্লৰেল পিন্টৰ এম্ব্ৰইডাৰী কৰা আনাৰকলিৰ কুৰ্টীৰ লগত এটা flowy vibrant পেণ্ট পৰিধান কৰি নিজকে আকৰ্ষণীয় কৰি তুলিব পাৰে। ইয়াৰ লগত পিন্ধিব পাৰে এযোৰ ভিন্ন ৰঙৰ ঝুমকা।

পেষ্টেল শাৰী

নিজকে আৰু অধিক সুন্দৰ দেখাব বিচাৰে নেকি? তেনেহ’লে পৰিধান কৰক পেষ্টেল শাৰী। ইয়াৰ লগতে পৰিধান কৰিব পাৰে পৰম্পৰাগত গহনা । এটা নিখুঁত দেৱালী লুক পাবলৈ জুটি অথবা হিল পৰিধান কৰিব পাৰে।

ধুতি কুৰ্টি ছেট

প্ৰায় সকলো যুৱতীৰে ৱাৰড্ৰ’পত সাধাৰণতে এযোৰ ধুতি কূৰ্টিৰ ছেট থাকেই। এযোৰ ধুতি কূৰ্টিৰ ছেটৰ লগত আপুনি এযোৰ ডাঙৰ ৰিং অথবা এযোৰ দীঘল ওলোমা কাণফুলি পৰিধান কৰিব পাৰে।

এম্বইদাৰী জেকেট

আপুনি যদি এটা ইণ্ডো-ৱেষ্টাৰ্ণ লুক বিচাৰে তেনেহ’লে জিনছ-টপৰ ওপৰত আইনাৰ কাম কৰা এটা এম্ব্ৰইডাৰী জেকেট পৰিধান কৰিও এটা বেলেগ লুক দিব পাৰে। ইয়াৰোপৰি এটা সাধাৰণ কুৰ্টীৰ ওপৰতো এম্ব্ৰইডাৰী কৰা এটা জেকেট পৰিধান কৰিব পাৰে।

প্ৰিন্টেড দুপাট্টা

এই উৎসৱৰ বতৰত যিকোনো দীঘল কুৰ্টী অথবা পাতল ৰঙৰ একেবাৰে সাধাৰণ এটা কুৰ্টীৰ লগত অলপ বেছি কাম কৰা দুপাট্টা পৰিধান কৰিব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply