নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ টেংগাম চেলিন কয়ুৰ শিৰত জিলিকিল এই বৰ্ষৰ ”কিং ফিছাৰ মিছ অৰুণাচল২০২১”ৰ মুকুট।
প্ৰতিযোগিতাখনৰ প্ৰথম আৰু দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে ক্ৰমে ৰিয়া ৰিবা আৰু হিবু আবয়াঙে।
৩এপ্ৰিলত পাচিঘাট আউটড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল সৌন্দৰ্য প্ৰতিযোগিতাখনিৰ গ্ৰেণ্ড ফিনালে।
এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু।
আনহাতে প্ৰতিযোগিতাখনৰ আন আন খিতানৰ ”Miss Congeniality” ৰ খিতাপ লাভ কৰে তানা পুনিয়া, Miss photogenic চেৰিং লহামু আৰু Best Catwalk and Best Costumeৰ খিতাপ লাভ কৰে তামচী য়াবিছে।
উল্লেখ্য যে, টেংগাম চেলিন কয়ুৱে এই বৰ্ষত অনুষ্ঠিত হ’ব লগা ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাখনত নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিব।