নিউজ ডেস্ক : ভাৰতত মাংকিপক্সত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। এই পৰ্য্যন্ত দেশত মাংকিপক্সত আক্ৰান্ত লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে। বিগত ১৪ জুলাইতে এই ঘটনা পোহৰলৈ আহিছিল। বিদেশৰ পৰা কেৰালালৈ অহা এজন ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছিল। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কৈছিল যে ব্যক্তিগৰাকী তিনিদিন আগতে সংযুক্ত আৰৱৰ পৰা আহিছিল আৰু তাতেই মাংকিপক্সত আক্ৰান্ত এজন লোকৰ সংস্পৰ্শলৈ আহিছিল। তেওঁৰ তেজৰ নমুনা পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজীত পৰীক্ষা কৰা হৈছিল, পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰা তথ্য অনুসৰিয়েই মানুহজনৰ মাংকিপক্সত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হৈছিল।
মাংকিপক্স হৈছে এক ভাইৰাছজনিত ৰোগ, সংক্ৰমিত কৰাৰ শক্তিশালী ক্ষমতা থকা এবিধ ভাইৰাছ। ইয়াৰ লক্ষণবোৰ সৰুআইৰ দৰে একেই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) কয় যে এনেধৰণৰ সংক্ৰমণ প্ৰথমবাৰৰ বাবে ১৯৫৮ চনত ধৰা পৰিছিল। বান্দৰৰ মাজত আই বা পক্সৰ দৰে ৰোগ বিয়পি পৰিছিল। সেইকাৰণে ইয়াক মাংকিপক্স বুলি কোৱা হয়।
মাংকিপক্সৰ লক্ষণবোৰ কি?
চি.ডি.চি.-ৰ মতে, মাংকিপক্স জ্বৰৰ সৈতে আৰম্ভ হয়। তাৰ লগতে মূৰৰ বিষ, মাংসপেশীৰ বিষ, পিঠিৰ বিষ, ভাগৰ লগা ইত্যাদি হৈছে ইয়াৰ প্ৰাৰম্ভিক লক্ষণ। এই ৰোগত লিম্ফ নোডবোৰ ফুলি থাকে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, আমি ছালত দেখা দিয়া মাজুআই, সৰু আই বা বেক্টেৰিয়াৰ সংক্ৰমণক মাংকিপক্স বুলি বিভ্ৰান্ত হ’ব নালাগে।
সংক্ৰমণৰ পৰা লক্ষণবোৰ দেখা দিয়ালৈ কিমান সময় লাগে?
মাংকিপক্সৰ লক্ষণবোৰ দুইৰ পৰা চাৰি সপ্তাহ থাকে। সংক্ৰমণৰ পৰা লক্ষণবোৰ দেখা দিবলৈ কৰিবলৈ সাধাৰণতে ৭ ৰ পৰা ১৪ দিন লাগে, যাক ইনকিউবেচন পিৰিয়ড বুলি কোৱা হয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, ছাল ওলাই অহাৰ এদিন বা দুদিন আগৰ পৰা ইয়াৰ সংক্ৰমণশীলতা থাকে, যেতিয়ালৈকে সকলো চোকোৰা শুকান নহয় আৰু আঁতৰি নাযায়।
এই ৰোগৰ প্ৰকৃতি কি?
মাংকিপক্স বিভিন্ন স্তৰত চলাচল কৰে। প্ৰথমটো হ’ল ভাইৰাছটোৱে শৰীৰত প্ৰৱেশ কৰাৰ সময়। এয়া পাঁচ দিন ধৰি চলি থাকে। তাৰ পিছত জ্বৰ, মূৰৰ বিষ, পানীজ্বলাৰ দৰে উঠি আহে। ৯৫ শতাংশৰ ক্ষেত্ৰতে, ই মুখমণ্ডলত দেখা দিয়ে। ৭৫% ৰ ক্ষেত্ৰত, ই হাতৰ তলুৱা, ভৰি, গোৰোহাত দেখা দিয়ে। চকুৰ বগা অংশ, যৌনাংগতো দেখা যায়। ছালত সংক্ৰমণৰ ম্যাদ হৈছে ২ৰ পৰা ৪ সপ্তাহ। এই পানীজ্বলাবোৰ টান হৈ পৰে। বিষ হয়। প্ৰথমে এই পানীজ্বালোবোৰত এটা পৰিষ্কাৰ তৰল থাকে, তাৰ পিছত ই পুঁজ হৈ যায়, তাৰ পিছত ই শুকাই যায়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা মতে এই সময়ছোৱাত ৰোগীক পৃথকে ৰাখিব লাগে। উল্লেখ্য যে এ সময়ছোৱাত চকুৰ বিষো তীব্ৰ হয়, যাৰ ফলত সেই সময়ত দৃষ্টি অস্পষ্ট হৈ পৰে। উশাহ চুটি হোৱাৰ দৰে লক্ষণ দেখা যায়, প্ৰস্ৰাৱ হ্ৰাস হোৱাও দেখা যায়।
মাংকিপক্সৰ চিকিৎসা কি?
এতিয়ালৈকে মাংকিপক্সৰ কোনো পৰিক্ষীত চিকিৎসা নাই। বিশ্ব স্বাস্থ্য সংস্থাই লক্ষণ অনুসৰি চিকিৎসা কৰাৰ কথা উল্লেখ কৰিছে। কাৰোবাৰ সংক্ৰমণ হৈছে বুলি জনাৰ পিছত, ৰোগীক পৃথকভাৱে ৰাখিব লাগে। এইটো অত্যন্ত জৰুৰী। ছালৰ পৰা ওলাই অহা চোকোৰাৰ বাবে সাধাৰণ এণ্টিচেপ্টিক দিয়া হয়, লগতে পাতল পোছাক পিন্ধিব লাগে। যদি মুখৰ ভিতৰত বিষ হয়, তেন্তে গৰম বা কুঁহুমীয়া পানীৰে গাৰ্গল কৰাটো প্ৰয়োজনীয়। চিকিৎসকে কয় যে যদি আপোনাৰ মাংকিপক্স হৈছে তেন্তে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, আৰু ইয়াক অন্যান্য সাধাৰণ ভাইৰেল সংক্ৰমণৰ সৈতে বিভ্ৰান্ত নহ’ব, ৰোগীৰ যত্ন ল’ব লাগিব, নিয়ম অনুসৰি চিকিৎসকৰ নিৰ্দেশনা অনুসৰি ঔষধ গ্ৰহণ কৰিব লাগিব।