প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: আজিকালি পুৰুষ মহিলা দুয়োৰে ক্ষেত্ৰত দেখা দিয়া এক সমস্যা হৈছে hair loss বা চুলি সৰা সমস্যা। বহুতৰে ক্ষেত্ৰত জন্মগত কাৰণত চুলি সৰা দেখা যায় যদিও আন বিভিন্ন কাৰণতো আমাৰ চুলি সৰে।

চুলি সৰাৰ কেইটামান বিশেষ কাৰণ হৈছে দেহত প্ৰ’টিন, আয়ডিন, মেংগানিজ আদি খাদ্যপ্ৰাণৰ অভাৱ। খাদ্যৰ অভাৱ, ৰক্তহীনতা, অনিদ্ৰা, মানসিক চাপ ইত্যাদি। তদুপৰি অতিপাত তেল, শ্বেম্পু, চুলিত সনা ৰং আদি ব্যৱহাৰৰ ফলতো চুলি সৰা সমস্যাই দেখা দিয়ে।

গতিকে চুলি সৰা সমস্যা ৰোধ কৰিবলৈ হ’লে আমি এক স্বাস্থ্যসন্মত খাদ্যাভ্যাস মানি চলিব লাগিব। তলত উল্লেখ কৰা খাদ্য কেইবিধ গ্ৰহণ কৰি অকালতে চুলি সৰা সমস্যা বহুখিনি লাঘৱ কৰিব পাৰি –

১. মচুৰ দাইল – চুলিৰ স্বাস্থ্যৰ বাবে মছুৰ ডাইলক এবিধ ছুপাৰ ফুড হিচাপে গণ্য কৰা হয়। মচুৰ দাইলত প্ৰচুৰ পৰিমাণে ফোলিক এচিড এচিড পোৱা যায় যি চুলি সুস্বাস্থ্যৰ লগতে কোষৰ বংশবৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি মচুৰ দাইল red blood cells (লোহিত ৰক্তকণিকা)ৰ বাবে যথেষ্ট উপকাৰী, red blood cells-এ আমাৰ মূৰৰ ছালৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰে।

২. বাৰ্লি – বাৰ্লিত প্ৰচুৰ পৰিমাণে আইৰন আৰু তাম ধাতু পোৱা যায়। ই আমাৰ দেহত থকা red blood cells-ৰ উৎপাদন বৃদ্ধি কৰি চুলিৰ গুড়িবোৰক শক্তিশালী কৰে। ইয়াৰ উপৰি বাৰ্লিত থকা ভিটামিন-ই চুলি পাতল হোৱা তথা চুলি সৰা সমস্যাৰ বাবে যথেষ্ট লাভদায়ক।

৩. কণী – চুলিৰ বাবে উপকাৰী আন এবিধ খাদ্য হৈছে কণী। কণীত প্ৰচুৰ পৰিমাণে মাল্টি ভিটামিন থকাৰ লগতে প্ৰ’টিন, ওমেগা ৩, জিংক, বায়’টিন, ছেলেনিয়াম আৰু কো:লিন পোৱা যায়। কণীত থকা মাল্টি ভিটামিনে চুলিৰ গুড়িবিলাক মজবুত কৰাৰ লগতে চুলিৰ স্বাস্থ্য আৰু উজ্জ্বলতা বৃদ্ধি কৰে।

৪. নৰসিংহৰ পাত – নৰসিংহৰ পাতে আমাৰ অকালতে চুলি পকা সমস্যা বহুখিনি লাঘৱ কৰে। নৰসিংহ পাতত এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিদ্ৰব্য থাকে যি আমাৰ তেজ পৰিষ্কাৰ কৰাৰ লগতে তেজত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে।

৫. অ’টছ – চুলিৰ বাবে উপযোগী আন এবিধ খাদ্য হৈছে অ’টছ। অ’টছত প্ৰচুৰ পৰিমাণে শৰীৰৰ বাবে দৰকাৰী ফেটি এচিড আৰু প্ৰাকৃতিক আঁহ পোৱা যায়। এই দুয়োবিধ পুষ্টিদ্ৰব্যই চুলিৰ কোষৰ বিকাশৰ বাবে উপকাৰী। ইয়াৰ উপৰি অ’টছত যথেস্থ পৰিমাণে জিংক আৰু আইৰন পোৱা যায় যি চুলিৰ প্ৰাকৃতিক উজ্জ্বলতা ৰক্ষা কৰাৰ লগতে চুলি সৰা ৰোধ কৰাত সহায় কৰে।

লগতে পঢ়ক – আজি বিশ্ব ধৰিত্ৰী দিৱস; জানক এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply