নিউজ ডেস্ক- একেলেথাৰি বৰষুণ দি থকাৰ ফলত ৰাস্তা-ঘাট পানীময় হৈ পৰিছে। এই পানীময় ৰাস্তাত খোজ কাঢ়ি থকাৰ ফলত বিভিন্নধৰণৰ খজুৱতি,ঘাহ আদি হোৱা দেখা যায়। ৰাস্তাত যদি জোতা সম্পূৰ্ণৰূপে তিতি যায়, ভৰিৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে। নতুবা দীৰ্ঘদিন ধৰি তিতি থকা জোতা পিন্ধিলেও ভৰিত ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে। গতিকে, বাৰিষাত ভৰিৰ বিশেষ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়।

১/ সদায় বাহিৰৰ পৰা ঘৰলৈ উভতাৰ সময়ত ভৰিখন কুহুমীয়া পানীত এন্টিচেপ্টিকেৰে ভৰি পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ ফলত ভেঁকুৰ সংক্ৰমণৰ প্ৰৱণতা হ্ৰাস পাব।

২/ বাৰিষা কালত ভৰি শুকান কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। যদিহে ভৰি দুখন বেছি সময় তিতি থাকে তেন্তে দুৰ্গন্ধ আৰু ভেঁকুৰৰ সংক্ৰমণৰ সমস্যা হ’ব পাৰে।

৩/ ভৰিৰ নখ চুটিকৈ কাটি ৰাখিব লাগে। নখৰ গুৰিত মলি জমা হ’লেও সংক্ৰমণৰ সমস্যা বৃদ্ধি পাব পাৰে।

৪/ প্ৰতিদিনে গা ধোৱাৰ পিছত আৰু ৰাতি শোৱাৰ আগত ভৰিখন চাফাকৈ ধুই ক্ৰীম লগাব লাগে।

৫/ বাহিৰৰ পৰা উভতি অহাৰ পাছত ভৰি পৰিষ্কাৰ কৰি এন্টিফাংগেল পাউদাৰ ব্যৱহাৰ কৰিব লাগে যিয়ে ভৰিৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ সমস্যা হ্ৰাস কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply