মালাইকাৰ ফিটনেছ টিপছ
মালাইকাৰ ফিটনেছ টিপছ

নিউজ ডেস্ক– বলীউদৰ আইটেম গাৰ্ল মালাইকা অৰোৰাৰ যৌনআবেদনময়ী শৰীৰৰ বাবে খুবেই জনপ্ৰিয়। ৪৭ বছৰ বয়সৰ এই অভিনেত্ৰীগৰাকী ফিটনেছৰ ক্ষেত্ৰতে হওক অথবা ষ্টাইলৰ ক্ষেত্ৰতে হওক খুবেই সচেতন। অভিনেত্ৰী গৰাকীয়ে নিজৰ ফিটনেছ টিপছ ছচিয়েল মিডিয়াত প্ৰায় শ্বেয়াৰ কৰি থাকে।

অভিনেত্ৰী গৰাকীয়ে কয়, ”যোগে মোক মানুহ হিচাপে বিকাশ হোৱাত সহায় কৰিছে। ই মোৰ চিন্তাবোৰ কেন্দ্ৰিত কৰিছে আৰু মোৰ দৈনন্দিন জীৱনত শক্তিশালী মানসিকতাৰে আগুৱাই যোৱাত শক্তি প্ৰদান কৰিছে। যোগ আৰু ধ্যানে প্ৰতিদিনে মোৰ মাজত নতুন শক্তিৰ সৃষ্টি কৰে। মই বিশ্বাস কৰো যে ব্যায়াম কৰাৰ বাবে প্ৰতিদিনে ৬০ মিনিটেই যথেষ্ট বেছি। মই প্ৰতিদিনে নতুন নতুন আসন কৰিবলৈ চেষ্টা কৰো।

অভিনেত্ৰী গৰাকীয়ে ছচিয়েল মিডিয়াত যোগাসনৰ ভিডিঅ’ সমূহ শ্বেয়াৰ কৰি আসন সমূহ কিদৰে কৰিব লাগে সেয়াও অনুৰাগীসকলক অৱগত কৰে।

মালাইকাই কোনো ডায়েট ফ’ল’ নকৰে। তেওঁৰ মনটোৱে যেতিয়াই যি খাবলৈ মন কৰে আৰু শৰীৰটোৱে যি বিচাৰে তাকেই খাবলৈ চেষ্টা কৰে। অভিনেত্ৰীগৰাকীয়ে যেতিয়া ঘৰৰ বাহিৰলৈ ওলাই যাবলৈ অলস অনুভৱ কৰে তেতিয়া সেই সময়খিনি ঘৰতে অতিবাহিত কৰে আৰু দিনটো পৰিয়ালৰ সৈতে সময় কটাই, কিতাপ পঢ়ি, সুস্বাদু খাদ্য ৰান্ধি সুন্দৰ সময়খিনি অতিবাহিত কৰে। ঘৰতে পাতলীয়া ব্যায়াম কৰে, এঘন্টা খোজকাঢ়ে।

নতুনকৈ ‘ফিটনেছ জাৰ্ণি’ আৰম্ভ কৰিবলৈ বিচৰা সকললৈ অভিনেত্ৰী মালাইকা অৰোৰাই কেইটামান পৰামৰ্শ আগবঢ়াই, ”প্ৰথমে নিজৰ ফিটনেছৰ লক্ষ্য নিৰ্ধাৰণ কৰি লওক, আপোনাৰ শৰীৰৰ বাবে কেনেকুৱা ধৰণৰ ড্ৰেছ আটাইতকৈ ভাল লাগিব সেইয়া জানিবলৈ কাৰোবাৰ পৰামৰ্শ লওক। প্ৰশিক্ষণৰ সময়ত উচিত ডায়েট মানি চলক। ব্যায়ামৰ বাবে এযোৰ ভাল জোতা ক্ৰয় কৰক লগতে আপোনাৰ পৰিকল্পনা অব্য়াহত ৰাখক।”

মালাইকা অৰোৰাই প্ৰত্য়েক ৰাতিপুৱাই যোগাসনৰ অভ্যাস কৰে। যোগাৰ সলনি কেতিয়াবা ৰাণিং, খোজকঢ়া, সাঁতুৰ, পাইলেটছৰ অভ্যাসো কৰে অভিনেত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply