নিউজ ডেস্ক– ”আনৰ প্ৰতি সহনশীল হওক আৰু নিজৰ সৈতে কঠোৰ হওক ” এই বাক্য়শাৰী প্ৰতিপন্ন কৰিলে অভিনেত্ৰী লক্ষ্মী মাঞ্চুৱে। দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে ১০০কি.মি চাইকেল চলালে বিশেষভাৱে সক্ষম লোকক উৎসাহিত কৰিবৰ কাৰণে। পেৰা এথলিটৰ মনত সাহস বৃদ্ধি কৰি প্ৰত্য়ুৎসাহিত কৰিবৰ বাবে এই পদক্ষেপ অভিনেত্ৰীগৰাকীৰ। অভিনেত্ৰীগৰাকীৰ চাইকেলিং কৰা ভিডিঅ’ আৰু ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
দুমাহ ধৰি চাইকেল চলাইছিল অভিনেত্ৰীগৰাকীয়ে। সদায় পুৱা ৫ বজাত উঠিছিল, মনত লক্ষ্য় দৃঢ় কৰি লৈছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল।”
ফটোবোৰ শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখে,” আপুনি আপোনাৰ মনতকৈ অধিক সেইটো যিটো আপুনি কি হোৱা উচিত। অৱশেষত ১০০ কিমি সম্পূৰ্ণ কৰিলো। কি আচৰিত এক অনুভুতি! ১০০ কিমি অতিক্ৰম কৰি পেৰা এথলিট সকলৰ মনৰ উদ্যোম বঢ়োৱাৰ বাবে কৰা এই প্ৰচেষ্টাত মই বহুত সুখী।”
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক এখন ৱেব ছিৰিজত দেখা গৈছিল। ”পিট্টা কথলু” নামৰ ৱেব ছিৰিজ খনে বহুত জনপ্ৰিয়তা লাভ কৰিছিল।