গুৱাহাটী : ছালৰ যত্ন আৰু সৌন্দৰ্যক এক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যেৰে ডিম্পী হিল এণ্ড গ্লোৱে লাষ্ট গেট গুৱাহাটীত এনাৰ্জি এস্থেটিক থেৰাপিউটিক কেন্দ্ৰৰ উদ্বোধন কৰে। ডিম্পিৰ হিল এণ্ড গ্লো হৈছে ছাল আৰু চুলিৰ চিকিৎসাৰ বাবে এক বিশেষ শক্তি নিৰাময় কেন্দ্ৰ।
প্ৰবীণ সাংবাদিক প্ৰনয় বৰদলৈয়ে পাৰ্লাৰখন উদ্বোধন কৰে আৰু অসমৰ চলচ্চিত্ৰ অভিনেত্ৰী নিশিতা গোস্বামীও এই অনুষ্ঠানত উপস্থিত থাকে।

ডিম্পি হিল এণ্ড গ্লোৱে সৌন্দৰ্যৰ যতনৰ ওপৰিও বিভিন্ন চিকিৎসা প্ৰদান কৰে যি কভিড ৰোগীসকলক আৰোগ্য কৰি তোলাত সহায় কৰে।।অনুষ্ঠানটোত স্বত্বাধিকাৰী ডিম্পী গোস্বামী শৰ্মাই কয়, “আমি সুখী যে ৰেইকি ফেচিয়েল থেৰাপীৰ দৰে নতুন ধাৰণা এটা আমাৰ চহৰলৈ আহিছে আৰু মহিলাসকল নিশ্চিতভাৱে ইয়াৰ পৰা লাভান্বিত হ’ব। এই চিকিৎসাত সাধাৰণতে প্ৰায় ৬০-৯০ মিনিট সময় লাগে আৰু প্ৰক্ৰিয়াটোৰ শেষত ব্যক্তিগৰাকীয়ে প্ৰশান্তি লাভ কৰাৰ লগতে পুনৰুজ্জীৱিত অনুভৱ কৰে।” তেওঁ লগতে কয় “ৰেইকি নিৰাময় হৈছে শক্তি আধাৰিত চিকিৎসা প্ৰণালী আৰু এতিয়ালৈকে ই কোনো ধৰণৰ নেতিবাচক পাৰ্শ্বক্ৰিয়া প্ৰদৰ্শন কৰা নাই।

চিকিৎসাৰ সময়ত প্ৰয়োজনীয় মেগাহাৰ্জৰ সংগীত ব্যৱহাৰ কৰি শৰীৰ আৰু মনক প্ৰশান্তি প্ৰদান কৰা হয় আৰু লগতে এক শান্ত-সমাহিত ফেচিয়েল আৰু স্পা থেৰাপীয়ে পুনৰুজ্জীৱিত কৰি শক্তি প্ৰদান কৰে।” ৰেইকিক সাৰ্বজনীন জীৱন শক্তি বুলিও কোৱা হয় যি আমাক জীৱনীশক্তি প্ৰদান কৰিব পাৰে আৰু আমাক সামগ্ৰিকভাৱে পুষ্টি প্ৰদান কৰাত সহায় কৰে। ৰেইকিৰ এই গুৰুত্বপূৰ্ণ শক্তি ছালৰ পুনৰুজ্জীৱিতকৰণৰ বাবে আৰু ছালত বিকশিত হ’ব পৰা বিভিন্ন প্ৰকাৰৰ স্থিতি যেনে ছাল শোতোৰা পৰা, পিম্পল, ব্রণ আদি আঁতৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
.

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply