নিউজ ডেস্কঃ সাধাৰণতে ত্ৰিশৰ দেওনা অতিক্ৰম কৰাৰ পাছত মহিলাসকলৰ লাহে লাহে বয়সৰ চাপ পৰিবলৈ আৰম্ভ কৰে। কিন্তু আমাৰ বিশ্বত এনে এটা সম্প্ৰদায় আছে যি সম্প্ৰদায়ৰ মহিলাসকল ৭০-৮০বছৰ অতিক্ৰম কৰাৰ পিছতো দেখাত ষোড়শী গাভৰুৰ দৰেই হৈ থাকে। এই সম্প্ৰদায়টো বাস কৰে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ হানজা উপত্যকাত।

আমি হয়তো বেছিভাগ সময়তে পাকিস্তানৰ নাম কেৱল নেতিবাচক দিশতে শুনিছে, কিন্তু এই পাকিস্তানৰে হানজা উপত্যকায়ে আপোনাক দিব এক নতুন মাত্ৰা। এই উপত্যকাৰ প্ৰেমত আপুনিয়ো হয়তো পৰিব।

পাকিস্তানৰ কাৰাকোৰম পাহাৰত অৱস্থিত এই হানজা উপত্যকা য’ত আছে প্ৰকৃতিৰ চিৰসেউজ সৌন্দৰ্য্য আৰু তাতে বাস কৰে হানজা সম্প্ৰদায়ৰ লোকসকলে। এই জনজাতিৰ বহু কথাই আচৰিত !

Credit-Pixabay

হানজা সম্প্ৰদায়ৰ মহিলাসকল চিৰযৌৱনা। এই সম্প্ৰদায়ৰ মহিলাসকলক বয়সতকৈ যথেষ্ঠ সৰু দেখা যায়। ধুনীয়া হোৱাৰ লগতে তেওঁলোক শিক্ষিতায়ো। তেওঁলোকৰ সৌন্দৰ্য হ্ৰাস নোহোৱাৰ প্ৰধান কাৰণ হ’ল তেওঁলোকে হিমালয়ৰ হিমবাহৰ পৰা গলি যোৱা পানী খায় আৰু ইয়াৰ পানীৰে গা ধুৱে। এই পানীত বহু পৰিমাণে খনিজ আৰু এণ্টিঅক্সিডেণ্ট থাকে। 

সাধাৰণতে মহিলাসকলে ৫০-৫৫ বছৰ বয়সৰ পৰা সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱায় কিন্তু হানজা সম্প্ৰদায়ৰ মহিলাসকলে ৬৫-৭০বছৰ বয়সতো সন্তান জন্ম দিয়াৰ পূৰ্ণ ক্ষমতা থাকে।তেওঁলোকৰ জীৱনকালত কোনো ধৰণৰ গুৰুতৰ ৰোগো নাথাকে।

photo-Pixabay

হানজা সম্প্ৰদায়ৰ লোকসকলৰ গড় আয়ুস ১২০-১৩০ বছৰ যি বিশ্বৰ বাকী লোকসকলতকৈ বহু বেছি। সাধাৰণতে বয়স বঢ়াৰ লগে লগে মানুহে বিভিন্ন ৰোগৰ চিকাৰ হ’বলৈ আৰম্ভ কৰে, কিন্তু পাকিস্তানৰ হানজা সম্প্ৰদায়ে তেওঁলোকৰ উৎকৃষ্ট জীৱনশৈলীৰ বাবে ১০০ বছৰতকৈও বেছি সময় নিৰোগী হৈ জীয়াই থাকে। সেয়েহে উত্তৰ পাকিস্তানৰ হানজা উপত্যকাত বাস কৰা এই লোকসকলৰ স্বাস্থ্যৱান জীৱনটো বিজ্ঞানীসকলৰ বাবে গৱেষণাৰ বিষয় হৈ আহিছে।

হানজা সম্প্ৰদায় লোকসকলৰ ওপৰত বহুতো কিতাপো প্ৰকাশিত হৈছে। তাৰে ভিতৰত জে আই ৰোডালৰ ‘দ্য হেল্দি হানজাছ’ আৰু ডাঃ জো ক্লাৰ্কৰ ‘দ্য লষ্ট কিংডম অফ দ্য হিমালয়’ অন্যতম ।

Credit-(https://commons.wikimedia.org/)

এই সম্প্ৰদায়টোৰ ৮৫% লোকেই ইছলাম ধৰ্মাৱলম্বী । এওঁলোকৰ ৯০% লোকেই নিৰামিষ ভোজী । প্ৰায় আঠাশীহাজাৰ লোকেৰে গঠিত এই জনজাতিৰ প্ৰায় ৯০% লোকেই শিক্ষিত লোক। জীৱন যাপনৰ প্ৰণালী সহজ-সৰল । তেওঁলোকে খোৱা খাদ্য তেওঁলোকে ঘৰতে নিজেই তৈয়াৰ কৰে। এই সম্প্ৰদায় লোকসকলে বেছিকৈ দুগ্ধজাত বস্তু বেছিকৈ গ্ৰহণ কৰে।

এই ঠাইখন পাকিস্তানৰ আন প্ৰান্ততকৈ সম্পূৰ্ণ পৃথক। পাকিস্তানৰ বাকী প্ৰান্তত নাৰীসকলে পঢ়িবলৈ যিদৰে সংগ্ৰাম কৰিবলগীয়া হয় তাৰ বিপৰীতে হানজা উপত্যকাত মহিলাসকলক পুৰুষৰ সমানে সমানে শিক্ষাদান কৰা হয়।

লগতে পঢ়কঃবিবাহপাশত আবদ্ধ হ’ল শান্তিৰ নোবেল বঁটা বিজয়ী মালালা ইউছুফজাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply