নিউজ ডেস্কঃ পঁইতা ভাতে দেহ-মন জুৰ পেলায়। গৰমৰ দিনত পঁইতা খাবলৈ হয়তো সকলোৱে ভালপায়। এইবাৰ এই পইতা ভাতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বিদেশতো।

ৰন্ধন প্ৰতিযোগিতাৰ টিভি অনুষ্ঠান Master Chef Australiaৰ বিচাৰকক প্ৰভাৱিত কৰিলে পঁইতা ভাতে।

এই অনুষ্ঠানত ভজা মাছ আৰু আলু পিটিকা সমৃদ্ধ পঁইতা ভাত পৰিবেশন কৰি বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছে বাংলাদেশী মূলৰ মেলবৰ্ণৰ ৩৮বছৰীয়া মহিলা কিশ্বৰ চৌধুৰীয়ে।

অনুষ্ঠানটোত কিশ্বৰ চৌধুৰীয়ে এই পঁইতা ভাতৰ নাম দিলে ‘স্ম’কড ৰাইছ ৱাটাৰ’।

কিশ্বৰ চৌধুৰীয়ে পঁইতা ভাত ৰেষ্টুৰেণ্টৰ মেনুত কেতিয়াও নোপোৱা খাদ্য বুলি বৰ্ণনা কৰি বিচাৰকসকলক তেওঁৰ পচন্দৰ বিষয়ে ব্যাখ্যা কৰিছিল।

প্ৰতিযোগিতাৰ শীৰ্ষ তিনিটা স্থান অধিকাৰ কৰা কিশ্বৰ চৌধুৰীয়ে অৱশ্যে প্ৰতিযোগিতাৰ বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম নহ’ল।

Master Chef Australia প্ৰতিযোগিতাৰ প্রথম স্থান দখল কৰিলে ভাৰতীয় মূলৰ দক্ষিণ অষ্ট্ৰেলিয়াৰ বাসিন্দা জাষ্টিন নাৰায়ণে।

আৰু পঢ়কঃপৃথিবীলৈ অশনি সংকেত: কানাডাত ঘাতক তাপপ্ৰবাহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply