হৃৎপিণ্ড হৈছে আমাৰ দেহৰ এক অন্যতম প্ৰধান অংগ, ইয়াক সুস্থ সবল কৰি ৰখাটো অত্যন্ত দৰকাৰী, হৃদৰোগত আক্ৰান্ত হৈ বহু লোকে নিজৰ জীৱন পৰ্য্যন্ত হেৰোৱাব লগা হৈছে। বৰ্তমান সময়ত বিশ্বৰ প্ৰায় এক-তৃতীয়াংশ লোকে হৃদৰোগত আক্ৰান্ত।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে আমাৰ হৃৎপিণ্ডটোক সুস্থ সবল কৰি ৰাখি হৃদৰোগৰ পৰা হাত সাৰিবৰ বাবে আমি নিজৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। নিয়মীয়াকৈ কিছুমান শাক-পাচলি, ফলমূল আদি গ্ৰহণ কৰি আমি হৃদৰোগৰ সম্ভাৱনা যথেষ্টখিনি কমাব পাৰো।

হৃৎপিণ্ডক ভালেৰে ৰাখিবৰ বাবে আমাৰ দৈনিক খাদ্যৰ তালিকাত কোনবিলাক আহাৰ যোগ কৰিব পাঁৰো সেই সম্পৰ্কে পুষ্টি বিশেষজ্ঞ ৰূলিকা বৰুৱাই আগবঢ়োৱা কেইটামান পৰামৰ্শ –

গাজৰ –

হৃদপিণ্ড সুস্থ আৰু সবল কৰি ৰখাৰ বাবে আমি যথেষ্ট পৰিমাণে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। গাজৰ হৈছে তেনে এবিধ খাদ্য। গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন কে, ভিটামিন বি ১, বি ২, বি ৬, ভিটামিন চি, কেলচিয়াম, ফাইবাৰ, প’টেছিয়াম, এণ্টি অক্সিডেণ্ট ইত্যাদি পোৱা যায়।

বিলাহী –

বিলাহী এবিধ শৰীৰৰ বাবে যথেষ্ট উপকাৰী খাদ্য। ই বেয়া কলেষ্টৰেল নিয়ন্ত্ৰণ কৰাৰ লগতে আমাৰ হৃদপিণ্ডৰ বাবেও যথেষ্ট ভাল।

বেৰি

ষ্ট্ৰ’বেৰি, ব্লুবেৰি, ৰেস্পবেৰি, ব্লেকবেৰি আদিত প্ৰচুৰ পৰিমাণে এন্থোচায়েনিনছ (Anthocyanins) নামৰ এণ্টি অক্সিডেণ্ট বিধ পোৱা যায়। এন্থোচায়েনিনছে অক্সিডেটিভ ষ্ট্ৰেছ আৰু ইনফ্লেমেশ্যনৰ বিৰুদ্ধে যুঁজাৰ লগতে আমাৰ হৃদপিণ্ডক সবল কৰি ৰাখে।

বাদাম –

ৱালনাট, আলমণ্ড আদি বাদামত মেগনেছিয়াম, তাম, মেংগেনিজ আদিৰ লগতে হৃদপিণ্ডৰ বাবে উপকাৰী ফাইবাৰ আদি পোৱা যায়।

কমলা –

কমলা ফাইবাৰ পেকটিন থাকে, ই আমাৰ শৰীৰৰ বেয়া কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰি ইয়াত থকা প’টেছিয়ামে আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।

ব্ৰকলি –

বহু কেইটা অধ্যয়নত প্ৰকাশ পোৱা মতে নিয়মীয়াভাৱে আহাৰত ব্ৰকলি গ্ৰহণ কৰিলে হৃৎপিণ্ডৰ বাবে যথেষ্ট ভাল। ব্ৰকলিয়ে শৰীৰৰ পৰা বেয়া কলেষ্টৰেল কমাই আনি হৃদৰোগৰ সম্ভাৱনা ৰোধ কৰাত সহায় কৰে।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply