নিউজ ডেস্কঃ ”ফাকুৱা” হৈছে এক জনপ্ৰিয় প্ৰাচীন হিন্দু উৎসৱ, যাক “প্ৰেমৰ উৎসৱ” অথবা “ৰঙৰ উৎসৱ” বুলিও কোৱা হয়।

ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।

ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।

এই উৎসৱত চাৰিওদিশ ৰঙীন আভাৰে ৰঙীন হৈ পৰে। ডাঙৰৰ পৰা সৰুলৈ এজনে আনজনক ৰঙেৰে বুলাই এই উৎসৱটি উদযাপন কৰা হয়।

পূৰ্বতে ৰঙৰ উৎসৱ ফাকুৱাত ব্যৱহৃত ৰং আছিল প্ৰকৃতিৰ পৰা আহৰণ কৰা ঔষধি গুণসম্পন্ন। পলাশ ফুল, জেতুকা, বেলফুল, হালধি, কুমকুম আদিৰ পৰা ৰং আহৰণ কৰি ৰং প্ৰস্তুত কৰা হৈছিল।

ইয়াৰ উপৰি বিবিধ ফুল, ফুলৰ পাহি, গুটি, আলু আদিৰ পৰা ৰং প্ৰস্তুত কৰা হৈছিল – যিবোৰে শৰীৰৰ ক্ষতি সাধন নকৰে, এনেধৰণৰ ৰঙৰ গুৰিকে আবিৰ বোলা হয়।

ক্ৰমে ক্ৰমে কেঁচামালৰ নাটনি, সহজে পোৱা ৰঙৰ প্ৰতি আকৰ্ষণ, কম ব্যয় আৰু কৃত্ৰিমতাৰ প্ৰলোভনত পৰি প্ৰাকৃতিক ৰঙৰ ঔষধি গুণৰ কথা আজিৰ মানুহে পাহৰিলে।

বৰ্তমান সময়ত ফাকুৱা ৰং প্ৰস্তুত কৰিবলৈ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে। যিবোৰে আমাৰ ছালৰ ক্ষতি কৰে।

ৰং জিলিকিবলৈ শৰীৰৰ অপকাৰী মাইকা ব্যৱহাৰ কৰা হয়। মূল ৰঙৰ বাবে মাৰকিউৰিক অক্সাইড, মাৰকিউৰিক ছালফাইড, সেউজীয়াৰ বাবে কপাৰ ছালফেট, গুলপীয়াৰ বাবে ৰডামাইন, বেঙুনীয়াৰ বাবে ক্ৰমিয়াম আয়’ডাইড আদি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়।

অসাধু ব্যৱসায়ীৰ দ্বাৰা উৎপাদিত ৰঞ্জক আৰু ৰাসায়নিক বিবিধ ধাতৱ কণিকা মিশ্ৰিত এনে ফাকুৱাই শৰীৰৰ অনিষ্ট সাধন কৰে। শৰীৰৰ বৃহৎ বাহ্যিক অংশ, যেনে – চৰ্ম বা ছাল, নখ, চুলি, চকুত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে।

কিন্তু আমি ঘৰতেও প্ৰাকৃতিক ভাৱে ফাকুগুড়ি প্ৰস্তুত কৰি এই উৎসৱটিৰ আনন্দ ল’ব পাৰো।

গতিকে ঘৰতে কিদৰে আমি কিদৰে ফাকুৱা ৰং প্ৰস্তুত কৰিব পাৰো তাৰে কেইটামান উপায় তলত উল্লেখ কৰা হ’ল-

১. এৰ’ৰট পাউদাৰ ২০০গ্ৰাম, নাৰ্জী ফুল ৫০ গ্ৰাম, ২০০গ্ৰাম হালধীগুড়ি, ২০গ্ৰাম কমলাৰ বাকলিৰ গুড়ি লগতে লাগিব ১৫টোপাল চন্দন অথবা নেমুৰ তেল(essential oil)। এই গোটেই মিশ্ৰণটো এটা বাটিত লৈ মিহলাই দিয়ক। এটা সুন্দৰ কমলা ৰং ঘৰতে এনেদৰে তৈয়াৰ কৰি ল’ব পাৰিব।

২.বেঙুনীয়া ৰঙৰ বাবে চাৰি-পাচঁটা ক’লা গাজৰ মিক্সিত গুড়ি কৰি ল’ব। এই মিশ্ৰণটোৰ লগত অলপ কৰ্ণফ্ল’ৰ আৰু কেইটোপালমান গোলাপজল মিহলাই দিব। অলপ সময় শুকাবলৈ দিব। শুকুৱাৰ পাছত চালনিৰে ভালদৰে চালি ল’ব।

৩. সেউজীয়া ৰং প্ৰস্তুত কৰিবলৈ ৰ’দত নিমপাত ভালদৰে শুকুৱাই ল’ব আৰু গোটেইখিনি মিক্সিত গুড়ি কৰি ল’ব। নিমপাতৰ সলনি পদিনা অথবা মেথিপাতো ব্যৱহাৰ কৰিব পাৰে।

৪. নীলা ৰং প্ৰস্তুত কৰিবলৈ অপৰাজিতা ফুল ব্যৱহাৰ কৰিব পাৰে। অপৰাজিতা ফুল ভালদৰে ৰ’দত শুকুৱাই মিক্সিত গুড়ি কৰি ৰং প্ৰস্তুত কৰিব পাৰে।

৫. আমলখিৰ পৰাও সুন্দৰ ৰং প্ৰস্তুত কৰিব পৰা যায়। আমলখি গুড়ি কৰি তাৰ লগত অলপমান কৰ্ণফ্লৰ মিহলাই ভালদৰে ৰ’দত শুকুৱাই ল’ব লাগে । এই ৰং ব্যৱহাৰ কৰাৰ আগতে কেইবাৰমান চালনিৰে ভালকৈ চালি ল’ব।

আমলখিত পৰ্যাপ্ত পৰিমাণে ভিটামিন চি থাকে। ভিটামিন চি আমাৰ ছালৰ বাবেও খুবেই উপকাৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply