নিউজ ডেস্কঃ আজি প্ৰেমৰ উৎসৱ ভেলেণ্টাইন ডে’ । সমগ্ৰ বিশ্বজুৰি এই প্ৰেম দিৱস প্ৰত্য়েক গৰাকীয়ে প্ৰেমিকে প্ৰেমিকাৰ বিশেষ কৰি তুলিবলৈ যেন অপাৰ চেষ্টা কৰে। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ভেলেণ্টাইন ডে’ উইকৰ আজিৰ শেষৰ এই বিশেষ দিনটোতো বিভিন্ন জনে বিশেষ ধৰণে পালন কৰে। 

আপুনি বাৰু জানেনে, ভেলেণ্টাইন ডে’ আমি ১৪ ফেব্ৰুৱাৰীত কিয় পালন কৰোঁ ? আৰু কেতিয়াৰ পৰা এই দিৱস আমি পালন কৰি আহিছোঁ ? আহক আজি আমি ভেলেণ্টাইন ডে’ পালন কৰা আঁৰৰ সেই বিশেষ কাহিনীকো জানোঁ ।

খ্ৰীষ্টাব্দ ২৭০ ত ৰোমত এজন চেইণ্ট ভেলেণ্টাইন বুলি সাধুলোক আছিল। আৰু সেইসময়ৰ ৰোমৰ ৰজা ক্লাউডিয়াছে প্ৰেমৰ সম্পূৰ্ণ বিৰোধীতা কৰিছিল বাবে প্ৰেমী বিবাহো দেশত একেবাৰে বন্ধ আছিল বুলি ক’ব পাৰি। 

এনে নহয় যে ৰজাই প্ৰেম বেয়া পাইছিল কিন্তু সেই সময়ত ৰোমৰ সৈন্যসকলে প্ৰেম কৰি যাতে বিচলিত নহয় তাৰ বাবে সৈনিকৰ বিবাহ লগতে যুদ্ধ সৈতে জড়িত ব্যক্তিৰো বিবাহত নিষেধাজ্ঞা জাৰি কৰিছিল।

ক্লাউডিয়াছে বিৰোধিতা কৰিলেও ভেলেণ্টাইনে কিন্তু মুকলি মনে প্ৰেমৰ প্ৰচাৰ কৰাৰ লগতে বহু বিবাহো সম্পন্ন কৰাইছিল। যাৰ বাবে ৰজাই ভেলেণ্টাইন শাস্তি প্ৰদান ৰূপে ১৪ ফেব্ৰুৱাৰীত ফাচী দিয়া হয়। ইয়াৰ পিছৰে পৰা ৰোমত ১৪ ফেব্ৰুৱাৰী দিনটো ভেলেণ্টাইন ডে’ হিচাপে পালন কৰি আহিছে। যিহেতু ভেলেণ্টাইন প্ৰেমৰ প্ৰচাৰৰ সৈতে জড়িত হৈ মৃত্যুক সাৱতিলে যাৰ বাবে এই দিনটোৰ প্ৰেম দিৱস হিচাপেও ৰোমসকলে নামকৰণ কৰে। 

কিন্তু এই দিৱসৰ ৪৯৬ খ্ৰীষ্টাব্দত প্ৰথমবাৰৰ বাবে বিশ্বই পালন কৰিছিল। ৫ম শতিকাত ৰোমৰ পোপ গেলাছিয়াছে ১৪ ফ্ৰেব্ৰুৱাৰী দিনটোক চেইণ্ট ভেলেণ্ঠাইন ডে’ হিচাপে ঘোষণা কৰে। 

লগতে পঢ়ক – ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কেপ্টেইন জিণ্টু গগৈ সোঁৱৰণী অষ্টাদশ ফুটবল টুর্ণামেণ্ট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply