গুৱাহাটী- বয়স বাঢ়ি অহাৰ লগে লগে চুলিও বগা হ’বলৈ আৰম্ভ কৰে। বগা চুলিৰ সমস্যা হ’লে মানুহক প্ৰায়ে চুলি ক’লা কৰিবলৈ বিভিন্ন ধৰণৰ পৰামৰ্শ গ্ৰহণ কৰা দেখা যায়। বগা চুলিৰ বাবে বহু লোকে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা দেখা যায়। কিন্তু এই দ্ৰব্যৰ ব্যৱহাৰে খুব কম দিনৰ বাবেহে চুলি ক’লা কৰি ৰাখে। অধিক মাত্ৰা ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে চুলিৰ বিভিন্ন সমস্যাৰহে সৃষ্টি কৰে। ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিও আপুনি এই সমস্যা সমাধান কৰিব পাৰে।
বগা চুলি ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানো আহক-
নৰসিংহ পাত আৰু মেথিৰ বীজ ব্যৱহাৰ কৰিও আপুনি আপোনাৰ চুলি ক’লা কৰিব পাৰে। প্ৰথমে মেথিৰ বীজখিনি অলপ সময় তিয়াই থওক। প্ৰয়োজন অনুসৰি মেথিৰ বীজৰ সমান নৰসিংহ পাত লওক। এতিয়া দুয়োটা পেস্ট কৰি লওক। এই পেস্টটো আপুনি ২ ৰ পৰা ৩ দিনৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰে।


এই পেস্টটে চুলিৰ গুৰিৰ পৰা ওপৰলৈ প্ৰয়োগ কৰক আৰু ইয়াক আধা ঘণ্টাৰ পৰা ৪৫ মিনিটৰ বাবে ৰখাৰ পিছত ধুই দিয়ক। এই চুলিৰ পেস্টে চুলিৰ ক’লা কৰে, উফিৰ সমস্যা আঁতৰ কৰে আৰু চুলিত বহুতো এণ্টি-অক্সিডেণ্ট প্ৰদান কৰে। এই চুলিৰ পেকটো শক্তিশালী চুলি পাবলৈও প্ৰয়োগ কৰিব পাৰি। এই পেস্টটো ১৫ দিনৰ পাছে পাছে ব্যৱহাৰ কৰিব পাৰে।
বগা চুলি ক’লা কৰিবলৈ নাৰিকল তেলত এমুঠি নৰসিংহ মিহলি কৰি আৰু ইয়াক কিছু সময় উতলাওক। যেতিয়া তেল ঠাণ্ডা হব তেতিয়া চুলিখিনিত অলপ সময় মাছাজ কৰি এঘণ্টা চুলিত ৰখাৰ পিছত ইয়াক ধুব। এই পদ্ধতিটো সপ্তাহত ২ ৰ পৰা ৩ বাৰ ব্যৱহাৰ কৰিব পাৰে। ই গুৰিৰ পৰা চুলি ক’লা কৰাত সহায় কৰে।