নিউজ ডেস্কঃ জাৰকাল অহাৰ লগে লগে আমাৰ ছালখন ৰুক্ষ হৈ পৰে। শুকান হৈ পৰাৰ ফলত ছালৰ উজ্জ্বলতা হ্ৰাস হৈ যোৱা দেখা যায়।
এই সমস্য়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আপোনাৰ Night skin care routine খনৰ কিছু সাল-সলনি কৰিলেই ইয়াৰ সমাধান পাব।
ইয়াৰ বাবে আপুনি বহুত বেছি একো কৰাৰো প্ৰয়োজন নাই। কেৱল আপুনি অলিভ অইলৰ সহায়তে এই সমস্য়াৰ পৰা ৰক্ষা পৰিব পাৰিব। অলিভ অইলত প্ৰচুৰ পৰিমাণে থাকে ভিটামিন এ, ডি, ই আৰু ভিটামিন কে। সেয়েহে ৰাতি শোৱাৰ পূৰ্বে অলিভ অইলেৰে ছালখন মালিচ কৰিব লাগে।

শীতকালত ছালত কেনেদৰে অলিভ অইল লগাব?
অলিভ অইলৰ লগত সৰিয়হৰ তেল মিহলি কৰি ছালত লগাব। ই ছালৰ দ্বীপ মইশ্চাৰাইজিং কৰে। এই মিশ্ৰণটো এটা জাৰত থৈ প্ৰতিদিনে ৰাতি আপুনি শোৱাৰ পূৰ্বে শৰীৰত লগাব। ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত অলিভ অইল অতি কাৰ্যকৰী। আনহাতে সৰিয়হৰ তেলত বেক্টেৰিয়া-প্ৰতিৰোধী তথা এণ্টি-চেপ্টিক গুণ থাকে। সেয়েহে এই দুবিধ তেলৰ মিশ্ৰণে ছালক বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে।

শীতকালত যদিহে ছালত কেৱল অলিভ অইল লগাই তেতিয়া আৰ্দ্ৰতাৰ ফলত আপোনাৰ ছালখন শুকান হ’ব পাৰে। যদিহে আপুনি সৰিয়হৰ তেল মিহলি কৰে তেতিয়া হ’লে আপোনাৰ ছালখন ৰুক্ষ তথা খহটা হোৱাৰ পৰা হাত সাৰিব পাৰিব।
২. প্ৰতিদিনে অলিভ অইল লগোৱাৰ ফলত ছালত মৃত কোষ জমা নহয়। লগতে, ছালখনৰ উজ্জ্বলতা বৃদ্ধি পায়।