চিৰাং : ইয়াদ আলীৰ হত্যাকাণ্ডৰ লগত জড়িত ৩ অপৰাধীক জাৱজ্জীৱন কাৰাদণ্ড। বিজনীত গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ডৰ লগত জড়িত ৩ অপৰাধীক জাৱজ্জীৱন কাৰাদণ্ড। তিনিজনৰ ভিতৰত এজন অপৰাধী বর্তমানেও পলাতক অৱস্থা আছে। চিৰাং জিলাৰ বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ এই ঐতিহাসিক ৰায়দান।

গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ডৰ লগত জড়িত ৩ অপৰাধীক জাৱজ্জীৱন কাৰাদণ্ড লগতে ২০ হাজাৰ টকা জৰিমনা। জৰিমনা নিদিলে অতিৰিক্ত দুটা মাহৰ কাৰাবাসত থাকিব লাগিব।বিজনী থানাৰ গোচৰ নং ২৯৯/২০২১ সন্দৰ্ভত এই ৰায়দান বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ।

হত্যাকাণ্ডৰ লগত জড়িত অপৰাধী তিনিজন ক্ৰমে গৃহৰক্ষী জোৱান ইয়াদ আলীৰ পত্নী লাল ভানু, লাল ভানুৰ পৰকীয়া প্ৰেমিক খণ্ডকাৰ ছফিউৰ ৰহমান আৰু আয়ুব আলী। ইয়াৰে আয়ুব আলী বৰ্তমানেও পলাতক অৱস্থাত অস্ত্ৰ। ন্যায়াধীশ ইউছুফ আজাজৰ আদালতৰ এই ঐতিহাসিক ৰায়দান।

লগতে পঢ়ক – ইদগাহ আৰু মছজিদ কমিটিৰ প্ৰতিনিধিৰ লগত ধুবুৰী উপায়ুক্ত বৈঠক

উল্লেখ্য কৰ্তব্য সামৰি ২০২১ বৰ্ষৰ ৬ জুলাইত চাইকেলেৰে নিজ গৃহভিমুখে গৈ থকা অৱস্থাত গৃহৰক্ষী জোৱান ইয়াদ আলীক ভাণ্ডাৰ আৰু কাছদহা গাঁৱৰ মাজত হত্যা কৰা হৈছিল। হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে তদন্ত চলাই গৃহৰক্ষী জোৱান ইয়াদ আলীৰ পত্নী আৰু এজনক গ্ৰেপ্তাৰ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply