মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। হত্যাকাৰীক যাৱত জীৱন কাৰাদণ্ড। হত্যাকাণ্ডত অভিযুক্ত লোক গৰকীয়ে ২০১৭ চনৰ ২৫ জুনত এগৰাকী ১৭ বছৰীয়া যুৱকক ডিঙি কাটি হত্যা কৰিছিল।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামৰীস্থিত জিলা সত্ৰ ও ন্যায়াধীশ আদালতে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে। হত্যাকাণ্ডৰ অভিযোগত আছামী এগৰাকীক যাৱত জীৱন কাৰাদণ্ড দিয়ে আদালতে। আদালতে যাৱত জীৱন কাৰাদণ্ড দিয়া আছামী গৰাকী মানকাচৰ থানাৰ অন্তৰ্গত চোমৰাশালী গাঁৱৰ মুকুল শ্বেখ।

লগতে পঢ়ক – UPI প্ৰৱঞ্চকৰ পৰা সাৱধান; ভূলতো যাতে নকৰে এই কাম!

মুকুল শ্বেখে ২০১৭ চনৰ ২৫ জুনত একেখন গাঁৱৰ মোকছেদুৰ ৰহমান নামৰ ১৭ বছৰীয়া যুৱক এজনক ডিঙি কাটি হত্যা কৰিছিল। পাঁচ বছৰ মুৰত আদালতে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে। আদালতৰ এই ৰায়দানক মোকছেদুৰ ৰহমানৰ পৰিয়ালে সন্তষ্টি প্ৰকাশ কৰে। জিলা খনত নতুনকৈ স্থাপন হোৱা আদালতৰ এই ৰায়দান প্ৰথম ৰায়দান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply