জানিয়া : জনিয়াত অঘটন। জনিয়াৰ লাংলাত বজ্ৰ পৰি এজনৰ মৃত্যু। পথাৰ ঘাঁহ কাটিবলৈ যোৱা এজন যুৱকৰ বজ্ৰ পৰি মৃত্যু হয়।
বৰপেটা জিলাৰ জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত লাংলাত বজ্ৰ পাত পৰি এজন যুৱকৰ মৃত্যু হয়। জনিয়াৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলা গাঁও নিবাসী নিজামুদ্দিনৰ পুত্ৰ মহিদুল ইছলামে পথাৰত ঘাঁহ কাটি থকা সময়ত বজ্ৰ পৰি মৃত্যুৰ মুখত পৰে।
লগতে পঢ়ক – ইয়ং ইণ্ডিয়ানৰ বাঁহ আৰু বেতৰ প্ৰশিক্ষণৰ ওপৰত অভিমুখীকৰণ কাৰ্যসূচী
পথাৰত ঘাঁহ কাটি থাকোতে বজ্ৰ পৰাত যুৱকজন পথাৰতে ঢলি পৰে। পিছত স্থানীয় লোকে যুৱকজনক বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।