২০ মে’, ২০২৩ঃ
জোনমণি ৰাভাৰ সৈতে জড়িত নগাঁও আৰক্ষী থানাৰ এটা আৰু জখলাবন্ধা আৰক্ষী থানাৰ দুটা গোচৰ CID লৈ হস্তান্তৰ- জি পি সিঙ( সংবাদ মেল)।
ঘটনা সন্দৰ্ভত এতিয়ালৈ চাৰিটাকৈ গোচৰ ৰুজু হৈছে।
জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBI ক অৰ্পণ,
পৰিয়ালৰ অনুৰোধ মৰ্মে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে।
নগাঁৱৰ SP লীনা দলে আৰু লখিমপুৰৰ SP বেদান্ত মাধৱ ৰাজখোৱাক কৰা হৈছে তাৎক্ষণিকভাৱে বদলি। ইয়াৰ লগতে জিলা দুখনৰ কেইবাজনো আৰক্ষী বিষয়াক জি পি সিঙৰ নিৰ্দেশত বদলি কৰা হৈছে।


ট্ৰাক চালকক জে’ললৈ প্ৰেৰণ,
জোনমণি ৰাভাক খুন্দিওৱা ট্ৰাক চালকক জে’ললৈ প্ৰেৰণ কৰা হৈছে। কলিয়াবৰ মহকুমা ন্যায় আদালতে জেললৈ প্ৰেৰণ কৰে ট্ৰাক চালকজনক।
নগাঁও- লখিমপুৰৰ ৪ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজ,
জোনমণি ৰাভাৰ ঘটনাক লৈ শেহতীয়াভাৱে এজন এজনকৈ আৰক্ষীক ৰিৰ্জাভ ক্লজ কৰা হৈছে।
নগাঁৱৰ ASP(CRIME) ৰূপজ্যোতি কলিতা, নগাঁৱ সদৰ থানাৰ OC মনোজ ৰাজবংশী, নাওবৈছা আৰক্ষী চকীৰ IC সঞ্জীৱ বৰা আৰু উত্তৰ লখিমপুৰ থানাৰ OC ভাস্কৰ কলিতাক কৰা হৈছে ৰিজাৰ্ভ ক্লজ।
১৯ মে’ ২০২৩: জখলাবন্ধা থানাত ৰীণা দলেৰ বিৰুদ্ধে এজাহাৰ দাখিল জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাৰ।
তেওঁ এজাহাৰত এই কথা উল্লেখ কৰে যে, “ৰাতি দেৰিলৈকে উভতি নহাত ৰাতি প্ৰায় ১০মান বজাত মই তাইৰ ফোন নম্বৰত ফোন কৰি কেতিয়া ঘৰ পাবিহি বুলি সুধিছিলো আৰু তাই মোক চিন্তা কৰিব নালাগে মই আভা দাৰ লগত আছো বুলি জনায়। লগতে ৰাতি প্ৰায় ১.৩০-২.০০ বজাৰ ভিতৰত কেইজনমান পুলিচ আহি মোক দুৱাৰ খুলিবলৈ কোৱাত মই দুৱাৰ খুলি দিয়াত নগাও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্রিদিপ প্রতিম কুম্বাং আৰু তিনিজন আৰক্ষী ঘৰৰ ভিতৰত জোৰ কৰি সোমাই আহে আৰু কোনো সোধপোছ নকৰাকৈ ঘৰৰ ছাবি বিচাৰে আৰু বন্ধ-বাহানি হাত ভণ্ড কৰি মোৰ লৰাৰ চিকিৎসাৰ বাবে জমা কৰি থোৱা মোৰ নিজা টকা ১,৩০,০০০/- মান আৰু আলমাৰিব পৰা জোনমণিৰ ভাগৰ প্ৰায় ৩,০০,০০০/- মান টকা আৰু কিবা কিবি কাগজ পাতি এসোপা লৈ যায় আৰু উকা কাগজত মোৰ টিপচহা লৈ গুছি যায়। কি কাৰণত মোৰ ঘৰত ৰাতি তালাচী চলোৱা হৈছে বুলি সোধাত তেওঁলোকে জনায় যে জোনমণিৰ নামত কেছ ৰেজিষ্টাৰ হৈছে বুলি জনায়।
কিন্তু মোক মোৰ ছোৱালীৰ মৃতদেহ নেদেখোৱাকৈ আৰু মোৰ কোনো অনুমতি অবিহনে তাইক পোষ্ট মর্টেন কৰি পুলিছ ৰিজাৰ্ভলৈ আনি মোক মৃতদেহ চমজাই দিয়ে। মৃতদেহ ঘৰলৈ আনি শ্মশানলৈ নিয়াৰ আগতে কফিনৰ পৰা উলিওৱাত জোনমণি ৰাভাৰ দেহৰ বিভিন্ন স্থানত ৰঙেৰে মৰা যেন দাগ দেখা পাও।
লগতে, জোনমণিৰ দুটা মোবাইল আছিল যদিও এটা মোবাইলহে পুলিচে পোৱা বুলি জনাই। আনটো মোবাইল আজি পর্যন্ত বিচাৰি পোৱা নাই। যিহেতু ঘটনাটো জখলাবন্ধা হোৱা বুলি গাম পাওঁ সেয়ে এই এজাহাৰখন আপোনাৰ ওচৰত বিহিত ব্যৱস্থা লবৰ বাবে আবেদন জনোলো।”
১৯ মে’ ২০২৩: জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্ত বিচাৰি আপৰ প্ৰতিবাদ
SI জোনমনি ৰাভাৰ মৃত্যুৰ CBI তদন্তৰ দাবীত আজি আম আদমি পাটি, অসমে দিছপুৰ সচিবালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে৷ হাতে হাতে প্লে কাৰ্ড লৈ আপৰ সদস্য সকলে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত দিয়ক, গৃহ বিভাগ হায় হায়, নকল সোণৰ কলা ব্যৱসায়ীক ৰক্ষণা বেক্ষণ দিয়া আৰক্ষীক গ্ৰেপ্তাৰ কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।
আপৰ সদস্য সকলে সচিবালয়ত প্ৰবেশ কৰাত আৰক্ষীয়ে বেৰিকেড লগাই বাধা দিয়ে। প্ৰতিবাদত অংশ গ্ৰহণ কৰি ‘আপ’ৰ ৰাজ্যিক উপ সভাপতিয়ে কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ পিছৰে পৰা এই মৃত্যু সন্দৰ্ভত ন ন তথ্য প্ৰকাশ পাইছে। দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ আগত ৰখা বক্তব্যই এয়া এক দুৰ্ঘটনা নহয় যেন এক হত্যা কাণ্ডহে তেনে আশংকাৰ সৃষ্টি কৰিছে। আনহাতে এই ঘটনাত নকল সোণ, ড্ৰাগছৰ চোৰাং ব্যৱসায় কৰা এটা চক্ৰ জড়িত থকাৰ কথাও প্ৰকাশ পোৱাৰ লগতে নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী জড়িত থকাৰ কথা প্ৰকাশ পাইছে ।
এগৰাকী আৰক্ষী বিষয়া গৃহ বিভাগৰ অন্তৰ্গত৷ গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰে এগৰাকী বিষয়া আছিল জোনমণি ৰাভা। গতিকে মুখ্যমন্ত্ৰীয়ে CBI তদন্ত দিব লাগে।
১৯ মে’, ২০২৩ঃ জোনমণি ৰাভাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা দুই চিকিৎসকক তলব CIDৰ,
SI জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য। এইবাৰ জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰা দুই চিকিৎসকক তলব কৰিছে CIDয়ে।
চিকিৎসক গোপাল চন্দ্ৰ ৰয় আৰু ডা: জুনাইদক মৰণোত্তৰ প্ৰতিবেদনৰ টেকনিকেল কথা জানিবলৈ তলব কৰিছে CID য়ে।
লগতে CIDৰ কাৰ্যালয়ত জেৰা কৰা হৈছে ট্ৰাক চালক সুমিত কুমাৰ আৰু তেওঁৰ ভাতৃক৷ সুমিত কুমাৰক লগত লৈ CID দলে চলাইছে অভিযান৷ নগাঁৱৰ দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে CIDৰ এটা বৃহৎ দল৷
ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে Special Investigation Team৷ SITয়ে পৰ্যবেক্ষণ কৰি আছে জোনমণি ৰাভাৰ সৈতে থকা লক্ষিমপুৰৰ লিংক৷ ঘটনা সন্দৰ্ভত তিনিটাকৈ পৃথক গোচৰ ৰুজু হৈছে দুখন জিলাৰ থানাত৷ নাৰায়নপুৰত ৰুজু হৈছে নকল সোণ আৰু নকল টকা সন্দৰ্ভত এটা গোচৰ৷ একেখন থানাতে দুৰ্ঘটনাত নিহত জোনমণিৰ বিৰুদ্ধেও ৰুজু হৈছে এটা গোচৰ৷ আনহাতে নগাঁৱ থানাত ৰুজু হৈছে জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰ৷
১৯ মে’, ২০২৩ঃ জোনমণি ৰাভাৰ মৰোণোত্তৰ পৰীক্ষাত ফাদিল হ’ল বিস্ফোৰক তথ্য। জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পাছতে তেওঁৰ মৃতদেহটো জখলাবন্ধালৈ লৈ যোৱা হৈছিল। তাৰ পাছতে নগাওঁ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতে মৰেণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।
জানিব পৰা মতে, মৰোণোত্তৰ পৰীক্ষাত দেহৰ কেইবা ঠাইতো আঘাতৰ চিন, মূৰৰ পাছফালে আছিল গুৰুতৰ আঘাতৰ চিন, আঘাতৰ বাবে প্ৰচুৰ ৰক্ত ক্ষয় হৈছিল জোনমণি ৰাভাৰ। আঠু, ভৰি, কঁকাল, তলপেটত স্পষ্ট আঘাতৰ চিন, পিঠিৰ কেইবা ঠাইতো কামিহাড় ভঙাৰ তথ্য পোহৰলৈ আহিছে মৰোণোত্তৰ পৰীক্ষাত।
লগতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য অনুসৰি মৃত্যুৰ সময়ত মগজুৰ ৰক্তক্ষৰণ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈছিল জোনমণি ৰাভাৰ।


১৮ মে’, ২০২৩ঃ বৃহস্পতিবাৰে পুৱাই নগাঁও ৰদ-বদল কা হয় ১৪৮ গৰাকী কনিষ্টবলক। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছে আৰক্ষী কনিষ্টবলৰ ৰদ বদলৰ পিছতেই অধিক ৰহস্যৰ সৃষ্টি কৰিছে। তদুপৰি চিআইডিয়ে মৰিকলং আৰক্ষী চকীৰ সকলোগৰাকী কনিষ্টবলক জেৰা চলাইছে।
১৭ মে’, ২০২৩ঃ বুধবাৰে নিশাই জোনমণি ৰাভাৰ বাহন দুৰ্ঘটনাক লৈ আন এক বিস্ফোৰক মন্তব্য কৰে এগৰাকী যুৱকে। যুৱকজন গুৱাহাটীৰ পৰা জখলাবন্ধা দিশে আহি থকা অৱস্থাত তেওঁ জোনমণি ৰাভাৰ দুৰ্ঘটনা দেখা বুলি মন্তব্য কৰি কয়- ‘মই গুৱাহাটীৰ পৰা জখলাবন্ধালৈ আহি আছিলো। জখলাবন্ধা পাবলৈ অলপ বাট বাকী আছিল। মই মোৰ টোপনি অহাৰ বাবে কাষতে খোলা থকা দোকানখনত সোমাই মুখখন ধুই লওঁ বুলি ভাবিলো। তেতিয়া দেখিলো এখন বাহন ৰখি আছে। তাত আহি এখন ট্ৰাকে মুখামুখি খুন্দা মাৰিছে। তাৰপাছত এল্ট বাহনখনৰ এজন ল’ৰা ওলাই গৈছে ক’লা পেন্ট পিন্ধা। তাৰে ১৫ মিনিটমান পাছত আৰক্ষী উপস্থিত হয়। তাৰপাছত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ কাষলৈ যাওতে আৰক্ষীয়ে মোক কৈছে- যোৱা যোৱা ইয়াৰ পৰা। তাৰপাছত মই আগুৱাই যাওঁতে দেখিলো গাড়ীখনৰ ভিতৰত এটা ডেডবডী আছে।’
১৭ মে’, ২০২৩ঃ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰশ্ন কৰিছিল সাংবাদিকে। সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ‘এই বিষয়ে এছ পি, ডিচিয়ে জানিব। মই বিশেষ খবৰ লোৱা নাই। শোক সন্তপ্ত পৰিয়াললৈ মই সমবেদনা জনাইছো।
১৭ মে’, ২০২৩ঃ জোনমণি ৰাভাৰ মৃত্যুৰ পাছত পোহৰলৈ আহিছে ন ন তথ্য। নকল সোণ আৰু জালি নোটৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰভাৱে অভিযান চলাই থকাৰ বাবেই এই দুষ্ট চক্ৰই আৰক্ষী বিষয়াগৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে এগৰাকী মহিলাই।
হাছিনা বেগম নামৰ মহিলা ইনফৰ্মাৰ গৰাকীয়ে সাংবাদিকৰ আগত কয় যে- ‘জোনমণি ৰাভা ইমান ৰাতি কিয় আহিব? কিবা ৰহস্য আছে। জোনমণি ৰাভাই মোক মাতি দিছিল আৰু কৈছিল যে- মোক মাৰি পেলাব।’
হাছিনা বেগমে লগতে কয় যে- ‘জোনমণি ৰাভাক কালিয়া নুৰ মহম্মদ নামৰ এজন মানুহে দুষ্ট চক্ৰ ধৰাত সহায় কৰে। জোনমণি বাইদেউৰ বিৰুদ্ধে দিয়া কেচটোত নুৰ মহম্মদৰ নামো আছে আৰু মোৰ ড্ৰাইভাৰৰ নামো আছে। সেই কাৰণে মোৰ সন্দেহ হৈছে যে সিঁহতে জোনমণি বাইদেউক মাৰি দিছে।’
১৬ মে’, ২০২৩ঃ ইফালে, জোনমণি ৰাভাৰ মাতৃয়ে হিয়া ঢাকুৰি কান্দি কান্দি কয় যে- ‘ৰাতি মই ফোন কৰিছিলো জোনমণিক। তাই ফোন ৰিচিভ কৰা নাছিল। মই ভাবিছিলো কাম কৰি আছে কাৰণে ফোন ৰিচিভ কৰা নাই। তাৰপাছত ৰাস্তালৈ ওলাই আহিছিলো মই। ৩ মান বজাত ছাৰ-বাইদেউহঁত আমাৰ ঘৰত আহি হাঁহ-কুকুৰা, গাহৰি বিক্ৰী কৰা টকাখিনি এছ পি বাইদেউ আৰু ডিএছপিয়ে লৈ গৈছিল। মই ফোন কৰি কৰি তাইক পোৱা নাই। মোক মোৰ জোন ঘূৰাই লাগে। তাইক ৰডেৰে মাৰি মাৰি মাৰিয়েই পেলালে। ফোনটো লুকুৱাই দিছে যাতে আমি তথ্যবোৰ নাপাওঁ।’
১৬ মে’, ২০২৩ঃ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ যোৱাৰ সময়ত প্ৰয়াত জোনমণি ৰাভাৰ পৰিয়ালে কৰিছিল বিস্ফোৰক মন্তব্য। জোনমণি ৰাভাৰ মাহীয়েকে কয় যে- ‘মঙলবাৰে নিশা ২ বজাত জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত এঘন্টা পাছত অৰ্থাৎ নিশা প্ৰায় ৩ বজাত আৰক্ষীয়ে জোনমণি ৰাভাৰ বাসগৃহত চলাইছিল অভিযান। আৰু অভিযান চলাই কুকুৰা-হাঁহ, গাহৰি বিক্ৰী কৰি পোৱা ধনখিনি জব্দ কৰি লৈ গৈছিল।’
১৬ মে’, ২০২৩ঃ নগাঁৱৰ মৰিকলং থানাৰ এছ আই জোনমণি ৰাভাৰ নিশা প্ৰায় ২ বজাত এক পথ দুৰ্ঘটনাত নিহত হয়। দুৰ্ঘটনাৰ পাছতে খবৰ প্ৰকাশ পাইছিল যে- জোনমণি ৰাভাই এ এছ ০১ ই এন ৭২৭৩ নম্বৰৰ নিজৰ মাৰুতী বাহনখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী ইউ পি ৭৮ ইউ টি ৪৫১৮ নম্বৰৰ কন্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই ঘটনাস্থলীতে মৃত্যু হয় উপ-পৰিদৰ্শকগৰাকীৰ।
ঘটনাস্থলীত উপস্থিত হৈ নগাঁৱৰ আৰক্ষীয়ে মঙলবাৰে পুৱাই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰি জোনমণিৰ বাসগৃহলৈ লৈ যায় আৰু পৰিয়ালৰ লোকে জোনমণিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।