গুৱাহাটী: বিশ্বৰ ফেশ্বন জগতৰ অন্যতম শ্রেষ্ঠ আলোচনী হিচাপে চিহ্নিত ‘দ্য ল L’officiel-ৰ শেহতীয়া সংখ্যাত অসম কন্যা তথা প্রসিদ্ধ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ বস্ত্ৰ পৰিধান কৰা মডেলৰ ফটো প্ৰকাশিত হৈছে।

ফেশ্বন জগতত ‘দ্য লাক্সাৰী বাইবেল’ হিচাপে সুপৰিচিত L’officiel-ত মাত্ৰ এখন ফটো প্ৰকাশৰ বাবে বিশ্বৰ সুন্দৰী মডেলে বছৰৰ পাছত বছৰ ধৰি অধিৰ আগ্ৰহেৰে অপেক্ষা কৰে।

এনে সময়তে অসম কন্যা, যেশন ডিজাইনাৰ সংযুক্তা দত্তৰ বস্ত্ৰ পৰিধান কৰি মডেল নয়না বিছভাই আমেৰিকাৰ নিউয়র্ক চিটিত ফটো শ্বুট কৰে। মডেল নয়নাৰ এই আকর্ষণীয় ফটো ‘ল’অফিচিয়েল’ত প্ৰকাশ হোৱাৰ লগে লগে বিশ্বৰ ফেশ্বন ক্ষেত্ৰখনত স্বাভাবিকতে সৃষ্টি হৈছে তীব্র কৌতূহল আৰু চৰ্চাৰ।

উল্লেখ্য যে অসমৰ থলুৱা ৰেচমী সুতাৰে ডিজাইন কৰা সংযুক্তা দত্তৰ অত্যাধুনিক ফেশন ডিজাইনিঙৰ বস্ত্ৰই ইতিমধ্যে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।

এহাতে অসমৰ ঐতিহ্যময় বস্ত্ৰক ব্যৱসায়িক ভিত্তিত জনপ্ৰিয় কৰা আৰু আনফালে ৰাজ্যৰ থলুৱা শিপিনীৰ অর্থনৈতিক স্বাৱলম্বিতাৰ বাট মুকলি কৰা— এই দুই লক্ষ্যৰে আৰম্ভ কৰা অসম কন্যা সংযুক্তা দত্তৰ যাত্ৰাই ইতিমধ্যে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।

ফেশ্বন জগতৰ অত্যন্ত প্ৰত্যাহ্বান নেওচি আৰম্ভ কৰা সংযুক্তা দত্তৰ ৰেচমী মেখেলা-চাদৰ পিন্ধি ইতিমধ্যে ইংলণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে বিশ্ববাসীৰ সন্মুখত উজলাই তুলিছে অসমীয়াৰ স্বাভিমান।

তদুপৰি বলিউডৰ প্ৰখ্যাত জনপ্রিয় অভিনেত্রী হেমা মালিনী, বিপাশা বসু, প্রীতি জিন্টা, কৰিশ্মা কাপুৰ, ভাগ্যত্ৰী প্ৰমুখ্যে একাধিকে সংযুক্তা দত্তৰ বিভিন্ন ডিজাইনৰ বস্ত্ৰ পৰিধান কৰি ইতিমধ্যে নামিছে ৰেম্পত।

বিশ্বৰ অন্যতম ঈর্ষণীয় নিউয়র্ক ফেশন উইকৰ লগতে লেকমে যেশন উইক তথ্য অন্যান্য জনপ্রিয় ফেশ্বন উইকতো বিশ্বৰ আগশাৰীৰ মডেল তথা অভিনেত্রীয়ে সংযুক্তা দত্তৰ থলুৱা আৰু আধুনিকতাৰ সংমিশ্ৰণৰ বস্ত্ৰ পৰিধানৰে ৰেম্পত খোজ দি সৃষ্টি কৰিছে অসমৰ থলুৱা শিপিনীৰ বস্ত্ৰ সম্ভাৰৰ আন এক সোণালী অধ্যায়।

লগতে পঢ়ক – সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা-অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ অৱস্থান ধৰ্মঘট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply