ৰঙিয়া : ১৪ মে’ত ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত। কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১৪ মে’ত জিলাখনৰ অন্যান্য তিনিটা স্থানৰ লগতে ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব।
এই লোক-আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, চেক বাউন্স, ৰাজহ, বেংকৰ ঋণ, বিদ্যুৎ বিল অনাদায় ইত্যাদি সম্পৰ্কীয় বিভিন্ন গোচৰৰ মীমাংসাৰ জৰিয়তে নিষ্পত্তিৰ পদক্ষেপ লোৱা হৈছে। কভি’ড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই লোক আদালতত গোচৰ নিষ্পত্তিৰ বাবে ভাৰ্চুৱেল বা অনলাইন আৰু ব্যক্তিগত উপস্থিতি উভয় মাধ্যমৰ ব্যৱস্থা থাকিব।
লগতে পঢ়ক – কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
যিসকল লোকে ইতিমধ্যে আদালত, বেংক অথবা বিদ্যুৎ বিভাগৰ পৰা জাননী পাইছে তেওঁলোকক গোচৰ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট আদালত বা বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। এই সম্পৰ্কীয় অধিক তথ্যৰ বাবে ৯৫৩১২-৮৮৮৬৭ আৰু ৯৮৫৪০-৮৪১৫২ নম্বৰত ফোন অথবা হোৱাটছএপ কৰাৰ লগতে dlsakamrupamingaon@gmail.com ত ই-মেইল কৰাৰ বাবে কামৰূপ জিলাৰ জিলা আইন সেৱা প্ৰধিকাৰীয়ে আহ্বান জনাইছে।