নিউজ ডেস্ক – দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত দুটা বছৰ। তথাপি এতিয়াৰে পৰা শাসকীয় বিজেপি দলে এই নির্বাচন জয়ৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে দেশত অপাৰেশ্যন লোটাছৰ লক্ষ্য শেষ কৰিব লাগিব বিজেপিয়ে। তাৰ সমান্তৰালকৈ চলিত বৰ্ষৰে ডিচেম্বৰ মাহত গুজৰাট বিধানসভা নিৰ্বাচন।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ দুয়োৰে বাবে গুজৰাট দখল হ’ব এইবাৰ এক বৃহৎ প্ৰত্যাহ্বান। কিয়নো গুজৰাটত মুখ্যমন্ত্ৰী পদৰ বাবে নাই কোনো শক্তিশালী প্ৰাৰ্থী। ইফালে কংগ্ৰেছৰ চৰম দুৰ্বলতাত অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে। সেয়ে গুজৰাট দখলৰ ৰণকৌশলৰ সমান্তৰালকৈ শাসক দলটোৱে ঘাইকৈ লক্ষ্য কৰি লৈছে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পৰাজিত হোৱা সমষ্টিবোৰক।
২০২৪ ত বিজেপিৰ চকু ১৪৪ টা সমষ্টি। দেশৰ মুঠ লোকসভা সমষ্টিৰ ১৪৪ টা সমষ্টি বিজেপিয়ে হেৰুৱাবলগীয়া হৈছিল ২০১৯ৰ নিৰ্বাচনত। অপাৰেশ্যন লোটাছ আৰু গুজৰাট পুনৰ দখলৰ লগতে এই ১৪৪ টা সমষ্টি নিজৰ দখললৈ অনাৰ কাৰ্যপন্থা স্থিৰ কৰিছে বিজেপিয়ে। দলীয় সূত্ৰৰ পৰা জানিব পৰামতে বিজেপিৰ দখলত নথকা এই ১৪৪ টা সমষ্টিৰ ৪০ টা সমষ্টিত অনুষ্ঠিত কৰা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল গণ সমাবেশ। ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বেই এই সমাবেশসমূহত মোডীয়ে অংশগ্ৰহণ কৰিব, ভাষণ দিব।
তথ্য অনুসৰি একাধিক লোকসভা সমষ্টি সামৰি গঠন কৰা হ’ব ক্লাষ্টাৰ আৰু এই ক্লাষ্টাৰসমূহৰ এখনকৈ সমাবেশত বিজেপিৰ মুখ্য ষ্টাৰ কেম্পেইনাৰ হিচাপে মোডীয়ে অংশ ল’ব। কেৱল সেয়াই নহয়, লোকসভা সমষ্টিসমূহত বিজেপিৰ সভাপতি জে পি নাড্ডা, দলৰ বিভিন্ন পৰ্যায়ৰ নেতা আৰু কেন্দ্ৰীয় মন্ত্রীসকলে অনুষ্ঠিত কৰিব ‘প্রভাস’।
ঠিক একেদৰে বিজেপিৰ মুখ্যমন্ত্ৰীসকলে বিভিন্ন বিধানসভা পৰ্যায়ত বিশাল গণসভা অনুষ্ঠিত কৰিব লাগিব। লগতে মুখ্যমন্ত্ৰীসকলক টাৰ্গেট বান্ধি দিয়া হৈছে স্থানীয় বিসম্বাদ দূৰ কৰাৰ। উল্লেখ্য যে ক্লাষ্টাৰৰ দায়িত্বত থকা নেতাসকলে নির্বাচন পর্যন্ত প্রতি মাহতে এখনকৈ ‘প্রভাস’ অনুষ্ঠিত কৰিব লাগিব। ইফালে, ক্লাষ্টাৰৰ দায়িত্ব লাভ কৰা মন্ত্ৰীসকলে অনুষ্ঠিত হৈ যোৱা সভাসমূহৰ প্ৰভাৱ আৰু ফলাফক লৈ প্ৰস্তুত কৰিব লাগিব ৰিপ’ৰ্ট। এই ৰিপ’ৰ্টৰ ভিত্তিতে তেওঁলোকে গ্ৰহণ কৰিব লাগিব যাৱতীয় সিদ্ধান্ত। ইতিমধ্যে তালিকা সাজু হৈছে লোকসভা প্ৰভাৰীৰ বাবে। এই লোকসভা প্ৰভাৰীসকলে প্ৰতি সপ্তাহত ভোৰৰ গোটৰ লগত অনুষ্ঠিত কৰিব লাগিব বিশেষ সভা আৰু ইয়াত স্থানীয় সংবাদ মাধ্যমকো জড়িত কৰাব লাগিব।
নিৰ্বাচনলৈ এতিয়াও দুবছৰ আছে যদিও বুথ পৰ্যায়ৰ পৰাই শক্তিশালী ৰূপত কাৰ্যপন্থা প্ৰস্তুত কৰিছে শাসকীয় দল বিজেপিয়ে। এনে অৱস্থাত বিৰোধী দলে কিদৰে ইয়াৰ মোকাবিলা কৰিব, সেয়া হ’ব লক্ষণীয় বিষয়।