নিউজ ডেস্ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে অদূৰ ভৱিষ্যতে পুনৰ নিৰ্মাণ কৰিবলগীয়া মা কামাখ্যা মন্দিৰৰ নতুন কৰিডৰ কেনেকুৱা হ’ব তাৰ এক আভাস প্ৰদান কৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি এক আভাস দিয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’টো পৰ্যবেক্ষণ কৰি আশা ব্যক্ত কৰে যে মা কামাখ্যা কৰিডৰ কাশী বিশ্বনাথ ধাম আৰু শ্ৰী মহাকাল মহালোক কৰিডৰৰ দৰে এক ঐতিহাসিক পদক্ষেপ হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ শ্বেয়াৰ কৰা টুইট ভিডিঅ’ টোৰ সহাঁৰি জনাই প্ৰধানমন্ত্ৰীয়ে লিখে যে,

“মই নিশ্চিত যে মা কামাখ্যা কৰিডৰ এক ঐতিহাসিক পদক্ষেপ হ’ব।

আধ্যাত্মিক অভিজ্ঞতাৰ ক্ষেত্ৰত, কাশী বিশ্বনাথ ধাম আৰু শ্ৰী মহাকাল মহালোক পৰিৱৰ্তনশীল হৈ আহিছে। পৰ্যটন বৃদ্ধি বৃদ্ধি আৰু স্থানীয় অৰ্থনীতি শক্তিশালী কৰাটোও সমানে গুৰুত্বপূৰ্ণ। “

লগতে পঢ়ক – শেহতীয়া ২৪ ঘণ্টাত নতুনকৈ ১০,৫৪২ জন লোক কোভিড প’জিটিভ চিনাক্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply