দৰং : দৰংৰ পৰা গ্ৰেপ্তাৰ বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত। বটদ্ৰৱা আৰক্ষী থানাত অগ্নি সংযোগ কৰিব মূল অভিযুক্ত আল্লাউদ্দিনক গ্ৰেপ্তাৰ। দৰং জিলাৰ বেচিমাৰী আৰু দৈপামৰ মাজত গ্ৰেপ্তাৰ কৰা হয় আল্লাউদ্দিনক।
বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়াৰ পৰিকল্পনা কৰা মূল অভিযুক্ত আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত গ্ৰেপ্তাৰ কৰা হয় আল্লাউদ্দিনক। বটদ্ৰৱা কাণ্ডৰ পিছৰে পৰা পলায়ন কৰি আছিল আল্লাউদ্দিন।
এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে বিয়লি ৪ বজাৰ পৰা অভিযান চলাই নিশা প্ৰায় ১১ বজাত বেচিমাৰী আৰু দৈপামৰ মাজত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আল্লাউদ্দিনক। ধূলা থানাৰ আৰক্ষী আৰু নগাঁও আৰক্ষীৰ এটা দলে যুটীয়াভাৱে অভিযান চলাই আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক – বহু কুখ্যাত অপৰাধীৰ উচটনিতেই বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল: লীনা দলে
আল্লাউদ্দিনৰ বিৰুদ্ধে বটদ্ৰৱা থানাত ড্ৰাগছ সৰবৰাহ আৰু ডকাইতিৰ গোচৰ ৰুজু হৈ আছে। বৰ্তমান ধূলা থানাত ৰখা হৈছে বাটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আল্লাউদ্দিনক। ধূলা আৰক্ষীয়ে নগাঁও আৰক্ষীক গতাই দিব আল্লাউদ্দিনক।