গোৱালপাৰা : ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰা জিলা সমূহৰ ভিতৰত অন্যতম গোৱালপাৰা জিলা। গোৱালপাৰা জিলাত বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰাৰ আছে কেইবাটাও কাৰণ।
নামনি অসমৰ গোৱালপাৰা জিলা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ গাতে লাগি থকা জিলা। গাৰো পাহাৰৰ বনাঞ্চল সমূহৰ পৰা প্ৰায়ে বনৰীয়া হাতীৰ জাক ওলাই আহি প্ৰৱেশ কৰে গোৱালপাৰাত। গোৱালপাৰাৰ বনাঞ্চল সমূত পৰ্যাপ্ত পৰিমাণে খাদ্য লাভ কৰা বনৰীয়া হাতীৰ জাক জিলাখৰ এটাৰ পৰা আনটো বনাঞ্চলৈ ঘূৰি ফুৰে। কিন্তু বিগত কিছু বছৰ ধৰি গোৱালপাৰা জিলাৰ বনাঞ্চল সমূহৰ চৰিত্ৰ বহু সলনি হৈছে। ফলত খাদ্য সংকটত পৰিছে বনৰীয়া হাতীৰ জাক সমূহ।
গোৱালপাৰা জিলাৰ মাণ্ডলীক বন বিষয়া জিতেন্দ্ৰ ঝাই কয় “গোৱালপাৰাৰ সংৰক্ষিত বনাঞ্চল সমূহৰ চৰিত্ৰ বহু সলনি হৈছে। বনাঞ্চল সমূহ বেদখল, বনাঞ্চলৰ কাষত যধে মধে মানুহৰ বসতি স্থাপন, বাৰৰ খেতি আদি মুখ্য কাৰণ বনাঞ্চল সমূহৰ চৰিত্ৰ সলনিৰ”। ইয়াৰ লগতে মানুহৰ জনসংখ্যা বিস্ফোৰণ। মানুহৰ জনসংখ্যা বিস্ফোৰণৰ ফলত বনৰীয়া হাতীৰ বাসস্থান সংকুচিত হৈছে। পূৰ্বে বনৰীয়া হাতীৰ জাক কিছু সময়ৰ বাবে গোৱালপাৰালৈ আহিছিল, কিন্তু এতিয়া গোৱালপাৰা বনৰীয়া হাতীৰ স্থায়ী বাসস্থানলৈ ৰূপান্তৰিত হৈছে বুলিও কয় মাণ্ডলীক বন বিষয়া জিতেন্দ্ৰ ঝাই।
বনৰীয়া হাতী গোৱালপাৰাৰ স্থায়ী বাসিন্দা হৈছে যদিও বনৰীয়া হাতীৰ বাবে প্ৰয়োজনীয় খাদ্য নাই জিলাখনৰ সংৰক্ষিত বনাঞ্চল সমূহত। ফলত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰে জনাঞ্চল সমূহত। ইয়াৰ পৰিনাম হৈছে জিলাখনত বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি। জিলানখনৰ লক্ষীপুৰ আৰু ৰংগজুলি অঞ্চলত সৰ্বাধিক বৃদ্ধি পাইছে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। চলিত বছৰত বৰ্তমানলৈকে গোৱালপাৰা জিলাত বন্তি হাতী আৰু মানুহৰ সংঘাত ১০ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।
বনৰীয়া হাতী আৰু মানুহৰ সংঘাত নিহত হোৱা এই ১০ জন লোকৰ ভিতৰত ৭ জন লক্ষীপুৰৰ, ২ জন ৰংগজুলিৰ আৰু ১ জন কৃষ্ণইৰ। লক্ষীপুৰত একেটা পৰিয়ালৰ ৩ জনকৈ লোক নিহত হৈছিল বনৰীয়া হাতীৰ আক্ৰমণত। জিলাখনত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ পৰা বহু লোকৰ প্ৰাণ বন বিভাগৰ লোকে ৰক্ষা কৰিবলৈ সক্ষম হৈছে, অন্যথা নিহত সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছিল বুলিও জানিবলৈ দিয়ে গোৱালপাৰাৰ মাণ্ডলিক বন বিষয়া জিতেন্দ্ৰ ঝাই।
জিলাখনত বনৰীয়া হাতী আৰু মানুহৰ এই সংঘাতৰ প্ৰভাৱ কেৱল মানুহৰ ওপৰতে পৰিছে তেনে নহয়, ইয়াৰ কুপ্ৰভাৱ বনৰীয়া হাতীৰ ওপৰতো পৰিছে। লক্ষীপুৰত সংৰক্ষিত বনাঞ্চলৰ কাষতে খান্দা এটা প্ৰকাণ্ড পুখুৰীত প্ৰায়ে বনৰীয়া হাতীৰ জাক পৰি আৱদ্ধ হৈ পৰা পৰিলক্ষিত হয়। পুখুৰীটো সঠিকভাৱে নিৰ্মাণ নকৰাৰ ফলত বনৰীয়া হাতীৰ জাক পানী খাবলৈ আহি পুখুৰীত পৰি আৱদ্ধ হৈ পৰে বুলিও জানিবলৈ দিয়ে গোৱালপাৰাৰ মাণ্ডলিক বন বিষয়া গৰাকীয়ে।
ইফালে জিলাখনত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ আঁৰত বন বিভাগৰ বিফলতা বুলি অভিযোগ কৰিব বিচাৰে বিভিন্ন দল-সংগঠনে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰে যে গোৱালপাৰা জিলাত বিগত তিনি বছৰ ধৰি বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত ভয়াবহভাৱে বৃদ্ধি পাইছে। এই তিনি বছৰত ৫০ ৰ পৰা ৬০ জন লোক নিহত হৈছে এই সংঘাতত। জিলাখনত বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বিজ্ঞানসন্মতভাৱে ৰোধ কৰাৰ দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
লগতে পঢ়ক – অসমৰ কাগজ কলৰ বাবে ব্যয় কৰা হ’ব ৮১০ কোটি টকা
উল্লেখ্য যে কিছুদিন পূৰ্বে জিলাখনৰ বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰাৰ স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল। গোৱালপাৰাবাসীয়ে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি গোৱালপাৰাৰ সংৰক্ষিত বনাঞ্চল সমূহত বৃক্ষ ৰোপন কৰি বনৰীয়া হাতীৰ বাবে পৰ্যাপ্ত খাদ্যৰ ব্যৱস্থা কৰাৰ দাবী জনাইছিল।