মানকাচৰ : প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ আৰু দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। মানকাচৰৰ তেলিপাৰাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ আৰু দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। মানকাচৰৰ এইচ এম ৰোডৰ পৰা তেলিপাৰা হৈ উৰামাৰীলৈ যোৱা পথটি আৰু আৰ চি চি দলং নিৰ্মাণৰ কামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে তেলিপাৰা অঞ্চলৰ একাংশ ৰাইজ।
অঞ্চলটোৰ যাতায়ত ব্যৱস্থা নথকাৰ বাবে চৰকাৰে লোক নিৰ্মাণ বিভাগৰ জৰিয়তে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ পৰা প্ৰায় ১.৩১২ কিলোমিটাৰ চিচি ব্লক পথ আৰু এখন আৰ চি চি দলং নিৰ্মাণৰ বাবে ৩০০.৬৬ লাখ টকা আবন্টন দিছে। কামৰ দায়িত্ব লাভ কৰিছে বিভাগীয় ঠিকাদাৰ আমিনুৰ ৰহমান। আমিনুৰ ৰহমান গুৱাহাটীৰ দিছপুৰৰ সৰুমাটিয়াৰ বাসিন্ধা। ঠিকাদাৰজনে এই কামৰ দায়িত্ব লাভ কৰি নিজে কাম চোৱা চিতা নকৰি অন্য লোকৰ দ্বাৰা কাম কৰাৰ ফলত ভয়াবহ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
লগতে পঢ়ক – মৰিগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকাৰ বানত ক্ষতিগ্ৰস্তৰ পুনৰ সংস্থাপনৰ সাহায্য প্ৰদান
বিভাগীয় নিয়ম মতে কাম নকৰাত অঞ্চলবাসীয়ে কামত বাধা দিয়াত অঞ্চলবাসীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ঘটনাক লৈ অঞ্চলবাসীয়ে জাঙুৰ খাই উঠিছে। সঠিকভাৱে কাম কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰি ঠিকাদাৰৰ লগতে মানকাচৰৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি অঞ্চলবাসীয়ে ইতিমধ্যে জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে যদিও জিলা প্ৰশাসনৰ ফালৰ পৰাও গুৰুত্ব নিদিয়া বুলি জানিবলৈ দিয়ে ৰাইজে।