নিউজ ডেস্ক: বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যান প্ৰতি বছৰৰ দৰে এই বছৰো দেশী-বিদেশী পৰ্যটকৰ বাবে অহা ১৫ মে’ৰ পৰা বন্ধ কৰা সিন্ধান্ত গ্ৰহন কৰিছে উদ্যানখনৰ কৰ্তৃপক্ষই। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক বৈভৱ চি মাথুৰে এক জাননী যোগে এই কথা সদৰি কৰিছে।
বাৰিষাৰ ফলত বেঁকী নৈৰ পানী হ্ৰাস-বৃদ্ধি হৈ থকাৰ বাবে পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ মে’ৰ পৰা ৰিভাৰ ৰাফটিং বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে হাতী চাফাৰী গোটেই অসমতে মে’ মাহ আৰম্ভ হোৱাৰ লগে লগেই বন্ধ হয় যদিও সম চৰকাৰৰ দুই বছৰ সম্পূৰ্ণ হোৱা হেতুকে মানস ৰাষ্ট্ৰীয় উদ্যানত ১০-১২ দিন বঢ়াই দিয়া হৈছে। আনহাতে বাৰিষাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত ঘাঁহনি বেছি আৰু ৰাস্তা-ঘাটৰ কিছু সমস্যা হয় বাবে অন্য বছৰৰ দৰে এইবাৰো ৫ জুনত জীপ চাফাৰী বন্ধ কৰিব বুলি উক্ত জাননীখনত উল্লেখ কৰিছে।
উল্লেখ্য যে প্ৰায় তিনিমাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি দিয়াৰ কথাও ক্ষেত্র সঞ্চালকগৰাকীয়ে সদৰী কৰে।