মানাহ : মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰী শিবিৰৰ অধিনৰ কাহিতামা বীটৰ অন্তৰ্গত কাঠপুৰাৰত আটক এজন চোৰাং চিকাৰী। বাঁহবাৰী শিবিৰৰ সহকাৰী বন বিষয়া অলকেশ দাসৰ নেতৃত্বত বন বিভাগৰ এটা দলে আটক কৰে চোৰাং চিকৰী এজনক।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বন বিভাগৰ দলটোৱে চোৰাং চিকৰীজনক আটক কৰে। চোৰাং চিকৰীজনকৰ নাম নিৰন নাথ বুলি জানিব পৰা গৈছে। চোৰাং চিকাৰী নিৰন নাথৰ কবলৰ পৰা বন বিভাগে এটা কাছ, মাছ মৰা জাল আৰু বহু সামগ্ৰী জব্দ কৰিছে।

বন বিভাগে জানিবলৈ দিয়ে যে নিশাৰ ভাগত মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ এটা দল প্ৰৱেশ কৰাৰ এক খবৰ লাভ কৰিছিল বন বিভাগে। উক্ত খবৰৰ ভিত্তিত অভিযান চলাই বন বিভাগে নিৰন নাথ নামৰ চোৰাং চিকাৰীজনক আটক কৰিবলৈ সক্ষম হয়।

নিৰন নাথৰ লগত আন চাৰিজন চোৰাং চিকাৰী আছিল যদিও চিকাৰী কেইজন পলায়ন কৰে বুলিও বন বিভাগে জানিবলৈ দিয়ে। নিৰন নাথ নামৰ চিকাৰীজন পূৰ্বে আত্মসমৰ্পণ কৰিছিল। নিৰন নাথৰ ঘৰ বাক্সা জিলাৰ লাৱদাংগুৰি গাঁৱত৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply