নিউজ ডেস্ক: অহা ২৬ জুলাইৰ সন্ধিয়া ৭ বজাত পুৰণিগুদামৰ ড° ভবেন্দ্ৰনাথ শ‍ইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগীয়া নৱসৃষ্টিৰ নাট্য সন্ধ্যা অনুষ্ঠানটোত দীপক বৰাক এই বঁটা প্ৰদান কৰা হ’ব ।

অসমৰ অপেছাদাৰী নাট্য অনুষ্ঠান ‘নৱসৃষ্টি’য়ে ২০০৮ চনৰ পৰাই অসমৰ সাংস্কৃতিক জগতখনত অনবদ্য অৱদান আগবঢ়াই আহিছে। বিশেষকৈ বিগত দিনত শিশুসকলৰ বৌদ্ধিক আৰুমানসিক বিকাশৰ উদ্দেশ্যে শিশুসকলৰ মাজত বিভিন্ন কৰ্মশালাৰ আয়োজন কৰি আহিছে।

বিভিন্ন নাট প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰি নৱসৃষ্টিয়ে বিভিন্ন বাটৰ নাট প্ৰদৰ্শনেৰে ৰাইজৰ মাজত সজাগতাৰো সৃষ্টি কৰি আহিছে। এইবাৰ নৱসৃষ্টিয়ে চলিত বৰ্ষৰ পৰা অসমৰ অপেছাদাৰী মঞ্চৰ একোজনকৈ নাট্যযোদ্ধাক ‘মঞ্চসূৰ্য’ বঁটা প্ৰদান কৰিবলৈ মনস্থ কৰিছে। এইবেলি অর্থাৎ ২০২৩-২৪ বৰ্ষৰ বাবে নৱসৃষ্টিৰ পৰিয়ালে বিশিষ্ট নাট্যকাৰ-পৰিচালক দীপক বৰাক এই বঁটা প্ৰদান কৰিব।

লগতে উক্ত নাট্যসন্ধ্যাটিত সীমান্ত কলিতাৰ ৰচনা-পৰিচালনাৰে মঞ্চস্থ হ’ব ‘ভুৱনপুৰত ভুল’ আৰু ‘কবিতাৰ শিৰোনাম ডট ডট ডট’।

উল্লেখ্য যে নৱসৃষ্টিয়ে প্রতি দুবছৰৰ মূৰে মূৰে অসমৰ অপেছাদাৰী নাট্য জগতৰ একোজনকৈ যোদ্ধাক প্ৰদান কৰিব এই মঞ্চসূর্য বঁটা।

লগতে পঢ়ক : ১৩ জুলাইত ৰাজ্যৰ তিনি লাখ লোকৰ প্ৰধানমন্ত্ৰী ‘আৱাস গৃহ’ প্ৰৱেশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply