নিউজ ডেস্ক: ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপি সভাপতি মানিক সাহা ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব।
ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে পদত্যাগ কৰাৰ পিছতে ৰাজ্যিক মানিক সাহাক নতুন মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পন কৰা হয়।
২০১৬ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা সাহায়ে ২০২০ চনত দলটোৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্ত হয়। তদুপৰি তেওঁ ত্ৰিপুৰাৰ একমাত্ৰ ৰাজ্যসভাৰ সাংসদ।
উল্লেখযোগ্য যে ২০১৮ চনত বিপ্লব কুমাৰ দেবৰ নেতৃত্বত ত্ৰিপুৰাত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন হৈছিল।
লগতে পঢ়ক – ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ বিপ্লৱ কুমাৰ দেৱৰ